চৰাইদেউ জিলা শিশু কল্যাণ সমিতিৰ এটি দলে যোৱা ১২ ছেপ্তেম্বৰত সাপেখাতী থানাৰ অন্তৰ্গত বৰহ গাঁৱৰ নিৱাসী নীলপৱন বাইলুঙৰ ঘৰৰপৰা এটি আঠ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি শিশুজন প্ৰায় ৩ বছৰ ধৰি শ্ৰমিক হিচাপে বিভিন্ন ঘৰুৱা কামত নিয়োজিত হৈ আছিল । প্ৰাপ্ত অভিযোগৰ ভিত্তিত জিলা শিশু সুৰক্ষা কোষৰ সুৰক্ষা বিষয়া ড° প্ৰীতিমণি গগৈ ফুকন, সদস্যা অঞ্জনা গগৈ, শ্ৰম পৰিদৰ্শক ভূৱনেশ্বৰ ৰাভা আৰু আৰক্ষী প্ৰশাসনৰ নেতৃত্বত যোৱা দলটোৱে নীলপৱন বাইলুঙৰ ঘৰত উপস্থিত হৈছিল। সোধা-পোছাৰ অন্তত শিশুটিক উদ্ধাৰ কৰি আনি শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰে আৰু এদিনৰ বাবে সখী-একক অৱস্থান কেন্দ্ৰত থাকিবলৈ দিয়ে। অৱশ্যে যোৱা ১৩ ছেপ্তেম্বৰত শিশুটিৰ সতীয়া পিতৃ শিশু কল্যাণ সমিতিলৈ আহি শিশুটিক নিজৰ তত্বাৱধানত চমজি লয়। উল্লেখযোগ্য যে, যোৱা ৫ ছেপ্তেম্বৰতো অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া জাহ্নৱী গোস্বামী, শ্ৰম পৰিদৰ্শক ভূৱনেশ্বৰ ৰাভাৰ নেতৃত্বত যোৱা এটি দলে মথুৰাপুৰৰ পৰা এগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰি নিজ পিতৃ-মাতৃৰ হাতত চমজাই দিছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वच्छता के क्षेत्र में श्रेष्ठ कार्य करने पर नगर परिषद सफाई जमादार आकाश झावा को किया सम्मानित
स्वच्छता के क्षेत्र में श्रेष्ठ कार्य करने पर नगर परिषद सफाई जमादार आकाश झावा को किया...
યાત્રાધામબેટદ્વારકા માં બોટમાં ચડતી વખતે મહિલાપ્રવાસી દરિયામાં ખાબક્યાસ્થાનિક તરવૈયાઓએમહિલાનેબચાવ્યા
યાત્રાધામબેટદ્વારકા માં બોટમાં ચડતી વખતે મહિલાપ્રવાસી દરિયામાં ખાબક્યાસ્થાનિક તરવૈયાઓએમહિલાનેબચાવ્યા
खुशखबरी! सस्ता हो गया Oppo का ये धांसू और बेस्ट क्वालिटी ईयरफोन, मिल रहा तगड़ा डिस्काउंट
Oppo ने जुलाई 2023 में Oppo Enco Air 3 Pro को पेश किया गया था। अब इस ईयरफोन को 1000 रुपये के...
Rahul Gandhi: प्राइवेट यूनिवर्सिटी में नहीं हुई राहुल गांधी की एंट्री, छात्रों से भी नहीं मिल पाए; भाजपा पर लगाए आरोप
Bharat Jodo Nyay Yatra: केंद्रीय गृह मंत्री राहुल गांधी ने मंगलवार को दावा किया कि केंद्रीय...