চৰাইদেউ জিলা শিশু কল্যাণ সমিতিৰ এটি দলে যোৱা ১২ ছেপ্তেম্বৰত সাপেখাতী থানাৰ অন্তৰ্গত বৰহ গাঁৱৰ নিৱাসী নীলপৱন বাইলুঙৰ ঘৰৰপৰা এটি আঠ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি শিশুজন প্ৰায় ৩ বছৰ ধৰি শ্ৰমিক হিচাপে বিভিন্ন ঘৰুৱা কামত নিয়োজিত হৈ আছিল । প্ৰাপ্ত অভিযোগৰ ভিত্তিত জিলা শিশু সুৰক্ষা কোষৰ সুৰক্ষা বিষয়া ড° প্ৰীতিমণি গগৈ ফুকন, সদস্যা অঞ্জনা গগৈ, শ্ৰম পৰিদৰ্শক ভূৱনেশ্বৰ ৰাভা আৰু আৰক্ষী প্ৰশাসনৰ নেতৃত্বত যোৱা দলটোৱে নীলপৱন বাইলুঙৰ ঘৰত উপস্থিত হৈছিল। সোধা-পোছাৰ অন্তত শিশুটিক উদ্ধাৰ কৰি আনি শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰে আৰু এদিনৰ বাবে সখী-একক অৱস্থান কেন্দ্ৰত থাকিবলৈ দিয়ে। অৱশ্যে যোৱা ১৩ ছেপ্তেম্বৰত শিশুটিৰ সতীয়া পিতৃ শিশু কল্যাণ সমিতিলৈ আহি শিশুটিক নিজৰ তত্বাৱধানত চমজি লয়। উল্লেখযোগ্য যে, যোৱা ৫ ছেপ্তেম্বৰতো অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া জাহ্নৱী গোস্বামী, শ্ৰম পৰিদৰ্শক ভূৱনেশ্বৰ ৰাভাৰ নেতৃত্বত যোৱা এটি দলে মথুৰাপুৰৰ পৰা এগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰি নিজ পিতৃ-মাতৃৰ হাতত চমজাই দিছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोहाडी येथील इसमाचा रेल्वेत चढताना प्लँटफार्मवर पडून मृत्यू
जिंतूर तालुक्यातील मोहाडी येथील इसम सेलू रेल्वे स्थानकावरून नाशिकला जाण्यासाठी शुक्रवारी ( दि.२ )...
কংগ্ৰেছ দলৰে বহুতো নেতাই ক্ষমতাধীন বিজেপি দললৈ একমাত্ৰ ক্ষমতাৰ লোভত গৈছে । কিয় ক'লে বিৰোধী দলপতিয়ে
কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি নীতিন গডকাৰী ডাঙৰীয়াই...
BSNLના ટાવર ખાનગી કંપનીને વેચવાની ગતિવિધિ કરતા કર્મચારીઓએ કચેરી બહાર વિરોધ નોંધાવ્યો
BSNLના ટાવર ખાનગી કંપનીને વેચવાની ગતિવિધિ કરતા કર્મચારીઓએ કચેરી બહાર વિરોધ નોંધાવ્યો, અગ્રણીઓએ...
यूपी:घर में घुसा मगरमच्छ, पुलिस ने किया रेस्क्यू
उत्तर प्रदेश के फतेहपुर जिले के आवाजपुर गांव में उस वक्त हड़कंप मच गया जब यमुना नदी को छोड़ एक...