পৰিবহন বিভাগে জব্দ কৰা এখন গাড়ীৰ পৰা গাড়ী খনৰ বহুকেইপদ সামগ্ৰী অন্তৰ্ধান হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাট জিলাৰ পৰিবহন বিভাগে চলিত বৰ্ষৰ ২৬ আগষ্ট তাৰিখে কাগজ-পত্ৰ নবীকৰণৰ ম্যাদ ওকলি যোৱাৰ বাবে ধনশিৰি মহকুমাৰ নাওজানৰ এখন টাটা মেজিক জব্দ কৰিছিল। এ এচ ০৫চি ৩৫৩০ নম্বৰৰ টাটা মেজিক খন জব্দ কৰি জিলা পৰিবহন বিভাগে নাওজান বা সৰুপথাৰ আৰক্ষী থানাৰ পৰিবৰ্তে কিন্তু ৰহস্যজনক ভাৱে বৰপথাৰ আৰক্ষী থানালৈ লৈ আহে। ইয়াৰ পিছত গাড়ী খনৰ গৰাকী ৰাজীব বৰাই ১৩ চেপ্তেম্বৰ তাৰিখে গোলাঘাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত গৈ ৭২ হাজাৰ ৬০ টকাৰ কৰ পৰিশোধ কৰে। পৰিবহন বিভাগে কৰ পোৱাৰ পিছত গাড়ী খন থানাৰ পৰা লৈ যাবলৈ কয় স্বত্বাধিকাৰীক। সিমানলৈকে সকলো ঠিকেই আছিল। কিন্তু গাড়ী খন নিবলৈ বৰপথাৰ থানালৈ গৰাকীজন অহাৰ পাছতেই ঘটিল অথন্তৰ। গৰাকীয়ে আহি দেখে গাড়ী খনৰ বেটেৰী, অতিৰিক্ত টায়াৰ, জেক আৰু মিউজিক চিচটেমটো নাই টাটা মেজিক খনত। উল্লেখ্য যে গাড়ী খন জব্দ কৰাৰ সময়ত জিলা পৰিবহন বিভাগৰ লোকে পৰা কোনোধৰণৰ জব্দকৃত সামগ্ৰীৰ পত্ৰ দিয়া নাছিল গৰাকীক। কেইবা হাজাৰ টকাৰ সামগ্ৰী নোহোৱা হোৱাত এতিয়া বিপাঙত পৰিছে গাড়ী খনৰ গৰাকী ৰাজীব বৰা। আনহাতে উক্ত সামগ্ৰী কেইপদ টাটা মেজিক খনৰ পৰা নোহোৱা হোৱাৰ বাবে গৰাকীয়ে চমজি লোৱা নাই গাড়ীখন। ৭০ হেজাৰৰো অধিক টকা টেক্স দিয়াৰ পিছতো গাড়ীৰ সামগ্ৰী সমূহ নোহোৱাত দুখ প্ৰকাশ কৰিছে টাটা মেজিক খনৰ গৰাকীয়ে। ইপিনে পৰিবহন বিভাগে টাটা মেজিক খনৰ উক্ত সামগ্ৰী কেইপদৰ ব্যৱস্থা কৰি নিদিয়ালৈকে গাড়ী খন চমজি লবলৈ অস্বীকাৰ কৰিছে স্বত্বাধিকাৰীয়ে। প্ৰয়োজনত আইনৰ কাষ চপাৰো হুঙ্কাৰ দিয়ে টাটা মেজিক খনৰ গৰাকীয়ে। তাৎপয্যপূৰ্ণ যে এখন আৰক্ষী থানাত ৰাখি থোৱা এখন গাড়ীৰ পৰা কেনেকৈ সামগ্ৰী হৰলুকি হব পালে আৰু এই ঘটনাৰ লগত আৰক্ষীৰ লোকো জড়িত হৈ আছে নেকি তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বঙাইগাঁৱত অমৃত সৰোবৰৰ কাম আৰম্ভ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী আঁচনি "মিছন অমৃত সৰোবৰ"ৰ কাম যোৱা ১৭ছেপ্টেম্বৰ তাৰিখে...
હોંગકોંગ સામે ભારતની પ્લેઈંગ 11 આ રીતે રહેશે, રોહિત આપશે યુવા ખેલાડીઓને જગ્યા!
એશિયા કપમાં ભારતીય ટીમે પાકિસ્તાનને શાનદાર રીતે હરાવ્યું હતું. ભારતે આ મેચ 5 વિકેટે જીતી લીધી...
India Vs New Zealand मैच में Mohammad Shami ने कैसे पलट दी बाज़ी? (BBC Hindi)
India Vs New Zealand मैच में Mohammad Shami ने कैसे पलट दी बाज़ी? (BBC Hindi)
বোকাখাতৰ নুমলীগড় ৰৌদুৱাত খাদ্যত বিষক্ৰিয়া
বোকাখাতৰ নুমলীগড় ৰৌদুৱাত খাদ্যত বিষক্ৰিয়া
માયાભાઈ આહિરના નિવાસ સ્થાને યોજાયેલ સંતવાણીમાં ધુરંધર કલાકારોએ રમઝટ બોલાવી
માયાભાઈ આહિરના નિવાસ સ્થાને યોજાયેલ સંતવાણીમાં ધુરંધર કલાકારોએ રમઝટ બોલાવી