সদ্য প্ৰয়াত ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ লণ্ডনত অনুষ্ঠিত হ’বলগীয়া ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰত চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে ৮ ছেপ্টেম্বৰত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু হৈছিল। 

ইফালে ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত ভাৰত চৰকাৰে ১১ ছেপ্তেম্বৰৰ দিনটো ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰিছিল।