আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৯১ সংখ্যক 'মন কী বাত'। 

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় "মন কি বাত" অনুষ্ঠানত আজি সোণাৰিৰ বিভিন্ন বুথত দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে সকলো দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। ‌

আজি চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ সোণাৰি পৌৰসভাৰ বিভিন্ন অঞ্চলৰ লগতে ২৩ নং বুথত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰা অনুষ্ঠান 'মন কি বাত' আৰু 'বুথ কি বাত' অনুষ্ঠান বুথৰ সভাপতি অজয়  হাজৰিকাৰ  তত্বাৱধানত অনুষ্ঠিত হয়। বুথৰ দলীয় কাৰ্য্যকৰ্তা আৰু সমৰ্থকৰ লগতে পৌৰসভাৰ ৱাৰ্ডৰ আয়ুক্ত,আয়ুক্তা সকলো উপস্থিত থাকে।