নুমলীগড়ত লাভ জেহাদৰ ঘটনা। ভুৱা পৰিচয়েৰে বিয়াৰ প্ৰস্তাৱ দি বোকাজানৰ পৰা দুগৰাকী কিশোৰীক পলুৱাই আনিছিল চামাদ আলি আৰু ৰমজান আলি নামৰ যুৱক দুজনে । বোকাজানৰ দুগৰাকী কিশোৰীক ট্ৰেইনত লগ পাইছিল কিশোৰী দুগৰাকীক। যুৱক দুজনৰ হাতত থকা এটা বেগত কেইবাখনো দা উদ্ধাৰ হৈছে। ফলঙনীৰ বৰৰ্টানি অঞ্চলত সোধপোচ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। স্থানীয় ৰাইজে যুৱক দুজনৰ সৈতে কিশোৰী দুগৰাকীক চমজাই দিয়ে বগীজান আৰক্ষীক । কিশোৰী দুগৰাকী কেইবাদিনো ধৰি নিৰুদ্দেশ হোৱাৰ কথা জনাইছে পৰিয়ালৰ লোকে ।

 যুৱক দুজনৰ প্ৰকৃত পৰিচয় চামাদ আলি আৰু ৰমজান আলি।সমগ্ৰ ঘটনা পোহৰলৈ অহাত ৰাইজে বগীজান আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ যুৱক দুজন ও কিশোৰী দুগৰাকীক লৈ যায়। ইফালে সমগ্ৰ ঘটনা লভ জেহাদৰ ঘটনা বুলি জানিব দিয়ে । ইফালে কিশোৰী দুগৰাকীৰ সন্দৰ্ভত পৰিয়ালৰ সৈতে যোগাযোগ কৰাত কেইবাদিনো নিৰুদ্দেশ হৈ থকাৰ কথা জানিবলৈ দিছে।