মাজুলীৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, বিশিষ্ট শিল্পী, সৰবৰহী মহিলা পুন্যদা শইকীয়াৰ মৃত্যু : মাজুলীত শোক

  মাজুলী জিলাৰ গড়মূৰ সৰু সত্ৰৰ নিৱাসী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, বিশিষ্ট শিল্পী পুন্যদা শইকীয়াৰ যোৱা ৰাতি মৃত্যু হয় । বৃহত্তৰ গড়মূৰ অঞ্চলৰ শিক্ষা, সমাজ- সংস্কৃতিৰ লগত অতি ঘনিষ্ঠ ভাৱে জৰিত পুন্যদা শইকীয়া যোৱা কিছুদিন ধৰি বাদ্বক্যজনিতভাৱে শৰ্যাশায়ী হৈ আছিল । প্ৰয়াত সু- শিক্ষক দুলাল বৰুৱাৰ পত্নী পুণ্যদা শইকীয়া গড়মূৰ পূবেৰুণ কলা পৰিষদৰ নিয়মীয়া শিল্পী পুন্যদা শইকীয়াই মাজুলীৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি বহু প্ৰজন্মক জ্ঞানৰ পোহৰ দিছিল । পুন্যদা শইকীয়াই ১৯৭১ চনত উত্তৰ কমলাবাৰী সত্ৰ এম ভি স্কুলত প্ৰথম শিক্ষক জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত মাজুলীৰ ঢেকীয়াজুলী প্ৰাথমিক বিদ্যালয়, খোনাচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি ১৯৮৭ চনত গড়মূৰ সৰুসত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল । উক্ত, বিদ্যালয়ৰ পৰা ২০১১ চনৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰা পুন্যদা শইকীয়া অতি সৰবৰহী, জনপ্ৰিয় শিক্ষক আছিল । তেওঁ, শিক্ষকতা কৰা প্ৰতিখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্র- ছাত্ৰী সকলে আজি শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । পুন্যদা শইকীয়াই সৰুৰে পৰা অভিনয়, নৃত্য- গীতত অতি দক্ষ আছিল । গড়মূৰ পূবেৰুণ কলা পৰিষদৰ নিয়মীয়া শিল্পী আৰু প্ৰশিক্ষক আছিল । 

       সু- শিক্ষয়িত্ৰী হিচাপে পৰিচিত, জনপ্ৰিয় পুন্যদা শইকীয়া প্ৰাক্তন ছাত্ৰ নেতা, মাজুলী জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ৰিতুপৰ্ণ বৰুৱা ( লুলুকণ ) ৰ মাতৃ আছিল । পুন্যদা শইকীয়া তেওঁৰ একমাত্ৰ পুত্ৰ ৰিতুপৰ্ণ বৰুৱাৰ ২০২১ চনৰ ৯' এপ্ৰিলত অকাল মৃত্যু হোৱাত পুত্ৰশোকত ভাগি পৰিছিল । 

    যোৱা ৰাতি তেওঁৰ মৃত্যু হোৱাত সমগ্ৰ গড়মূৰ অঞ্চলত শোকৰ ছাঁ পৰে । সু- শিক্ষয়িত্ৰী, জনপ্ৰিয় শিল্পী পুন্যদা শইকীয়াৰ মৃত্যুত আজি মাজুলী জিলা ছাত্র সন্থা, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়, পূবেৰুণ কলা পৰিষদ, খোনাচুক প্ৰাথমিক বিদ্যালয়, গড়মূৰ সৰু সত্ৰৰ যুৱক সংঘ, মাজুলীৰ জিলা মহিলা সমিতি আদি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ । মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ বোৱাৰী, বিবাহিত জী জোঁৱাই আৰু চাৰিজন নাতি -নাতিনী ইহসংসাৰত এৰি থৈ গৈছে।