হেকাৰৰ নিতৌ নতুন কৌশল

সোণাৰিত ম’বাইল এপৰ জৰিয়তে ঋণ প্ৰদান কৰি যুৱকক ব্লেকমেইল, মানসিক হাৰাশাস্তি

থানাত এজাহাৰ দাখিল

সমগ্ৰ বিশ্বতে বিজ্ঞান-প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়িছে, সিমানেই এচাম মানুহৰ মন-মগজুত কুট-বুদ্ধিয়ে ভৰি পৰিছে৷ ইণ্টাৰনেটৰ দুনীয়াখনত এইচাম মানুহে সহজে ধন ঘটিবৰ বাবে নিতৌ নতুন কৌশল ৰচনা কৰি আহিছে৷ বিশেষকৈ সামাজিক মাধ্যমসমুহৰ জৰিয়তে এইসকল হেকাৰে জাল পেলাই সামাজিক মাধ্যম ধন ঘটাৰ আহিলাত পৰিণত কৰিছে৷ কিছুদিনৰ পূৰ্বে সেনা বাহিনীৰ লোক বুলি পৰিচয় বিভিন্ন লোকৰ পৰা কৌশলেৰে বেংক একাউন্টৰ পৰা ধন হৰলুকি কৰাৰ কেইবাটাও ঘটনা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ লগতে চৰাইদেউ জিলাটো সংঘটিত হোৱাৰ পাছত শেহতীয়াকৈ ম’বাইল এপৰ জৰিয়তে ধন হৰলুকি কৰাৰ এক ঘটনা চৰাইদেউ জিলাৰ সদৰ সোণাৰিত সংঘটিত হৈছে৷ এটা ম’বাইল এপৰ জৰিয়তে সোণাৰিৰ এজন যুৱকক ঋণ দিয়াৰ প্ৰলোভন দি এটা দুষ্ট চক্ৰই যুৱকজনক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে৷চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্ত্তী টিয়ক ৰজাবাৰীৰ ইমাজুৰ ৰহমান নামৰ যুৱকজনে ৩০ আগষ্ট’ত ম’বাইল স্ক্ৰ’লিং কৰি থাকোঁতে Credit box App’ নামৰ এটা অনলাইন এপছ প্ৰত্যক্ষ কৰি এপছটো ডাউনল’ড কৰিছিল৷ এপছটো ডাউনল’ড কৰাৰ লগে লগে আধাৰ কাৰ্ড আপলোড কৰিলেহে এপছটোৰ অৰ্ন্তভাগত প্ৰৱেশ কৰিব পাৰিব বুলি নিৰ্দ্দেশ আহিল৷ আধাৰ কাৰ্ড এপছটোত আপলোড কৰাৰ লগে লগে প্ৰায় দুঘন্টাৰ ভিতৰতে ব্যক্তিজনৰ এক্সিছ বেংকৰ একাউণ্টত সাত হাজাৰ টকা জমা হয়৷ কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ এনেদৰে এটা ম’বাইল এপছৰ জৰিয়তে ধন জমা হোৱাত ব্যক্তিজন আচৰিত হয়৷ আনহাতে, ঋণ হিচাপে প্ৰদান কৰা উক্ত টকাটো এটা সপ্তাহৰ পাছত সুতসহ ১২৮০০ জমা দিবলৈ ফোন কৰি জনায়৷ এটা সপ্তাহৰ ভিতৰতে দুগুণ পৰিমাণৰ সুতসহ এনেদৰে ঋণ পৰিশোধ কৰিবলৈ ব্যক্তিজনে অস্বীকাৰ কৰাত হিন্দী ভাষাত কথা উক্ত চক্ৰটোৱে ব্যক্তিজনৰ ম’বাইলৰ সকলো ফোন নম্বৰ, ফটো আদি চক্ৰটোৰ লগত মজুত বুলি কৈ সুতসহ টকা জমা নিদিলে ফটোবোৰ সম্পাদনা কৰি ফোনত থকা সকলো ফোন নম্বৰৰ গৰাকীলৈ প্ৰেৰণ কৰা হ’ব বুলি ভাবুকি দিয়ে৷ ইতিমধ্যে দুষ্টচক্ৰৰ বলি হোৱাৰ বিষয়ে নিশ্চিত হৈ উপায়ন্তৰ হৈ ব্যক্তিজনে ৬ ছেপ্টেম্বৰত দুষ্ট চক্ৰটোৰ একাউণ্টত ১২৮০০ টকা জমা দিয়ে আৰু লগে লগে নিৰ্দিষ্ট এপছটো আনষ্টল কৰি দিয়ে৷ কিন্তু আমোদজনকভাৱে ব্লেকমেইলাৰ চক্ৰটোৱে উক্ত দিনা নিশাই পুনৰ ব্যক্তিজনৰ সৈতে কোনো যোগাযোগ অথবা কথা-বতৰা নোহোৱাকৈ একাউণ্টত দহ হাজাৰ টকা জমা কৰে আৰু ফোনযোগে ১৩ ছেপ্টেম্বৰৰ ভিতৰত দহ হাজাৰ টকাৰ বিপৰীতে সুতসহ ঊনৈশ হাজাৰ টকা একাউণ্টৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ নিৰ্দ্দেশ দিয়ে৷ যদিহে উক্ত টকা সময়মতে পৰিশোধ নকৰে তেন্তে ব্যক্তিজনৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীলৈ ব্যক্তিজনৰ ফটো সংলগ্ন অশ্লীল ভিডিঅ’, ছৱি পঠোৱাৰ ভাবুকি প্ৰদান কৰে৷ ব্লেকমেইলাৰৰ কবলত পৰি সৰ্বস্বান্ত হোৱাৰ আশংকা কৰি ব্যক্তিজনে ঘটনা সন্দৰ্ভত ইতিমধ্যে সোণাৰি থানাত এজাহাৰ দিয়াৰ লগতে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে৷ বেংক কৰ্তৃপক্ষই মিজানুৰ ৰহমানৰ একাউণ্টত লেনদেন কৰিব নোৱাৰাকৈ বন্ধ কৰি ৰাখিছে৷ ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এইপৰ্যন্ত আৰক্ষীয়ে ব্লেকমেইলাৰৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ আনহাতে, মিজানুৰ ৰহমানে ব্লেকমেইলাৰ চক্ৰটো উত্তৰ প্ৰদেশ অথবা বিহাৰৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷