ডিমাকুছি আঞ্চলিক এবছু আৰু ডিমাকুছি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বড়োলেণ্ড গেলেণ্টছ গ'ল্ডকাপ ফুটবল টুৰ্ণামেণ্ট। ডিমাকুছি ষ্টেডিয়ামত আজি প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলেয়ে। উদ্বোধনী মেচত চিৰাং দুৱাৰ এফ চিয়ে কালিংপঙ জৰ্জিয়ান এফ চিক ২- ০ গ’লত পৰাস্ত কৰে। খেলখনত চিৰাং দুৱাৰ এফ চিৰ মিথিংগা দৈমাৰীয়ে ১৩ মিনিটত এটা গ’ল দিয়ে। পিচত ৫১ মিনিটত লাভ ফ্ৰী কিকৰ সহায়ত ডিডম হাজোৱাৰীয়ে আন এটা গ’ল দিয়ে। চিৰাং দুৱাৰ এফ চিৰ মিথিংগা দৈমাৰীক উদ্বোধনী মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰে পুৰস্কৃত কৰা হয়। তিনি সহস্ৰাধিক দৰ্শকে উপভোগ কৰা খেলখনত বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়ো, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো, ডিমাকুছি কলেজৰ অধ্যক্ষ জৌংছাৰ বসুমতাৰী, অসম ফুটবল সন্থাৰ উপ- সভাপতি লক্ষ্মীৰাম বড়ো, এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী, এবছুৰ অধ্যক্ষ জনক উজিৰ আদি ভালেসংখ্যক অতিথি উপস্থিত থাকে। খেলৰ আৰম্ভণিতে জৌশ্ৰাং বড়োৱে ৰচনা কৰা ৰূপালী জয়ন্তীৰ থিম চং পৰিবেশ কৰে শিল্পী ফুকন বড়ো আৰু নীতা বড়োৱে। কাইলৈ শ্বিলং লাবান এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ডিমাকুছি উশ্বু ক্লাব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूपी के किसान एक हफ्ते तक दिल्ली मार्च नहीं करेंगे:अफसरों से बैठक के बाद समझौता, दोपहर में पुलिस की बैरिकेडिंग तोड़ दी थी
यूपी के किसान दिल्ली कूच एक हफ्ते तक नहीं करेंगे। यह फैसला किसान नेताओं की ग्रेटर नोएडा, नोएडा और...
Dixon Technologies Share Today: स्टॉक 5% ऊपर, इस शानदार Momentum को कैसे chase करें Traders
Dixon Technologies Share Today: स्टॉक 5% ऊपर, इस शानदार Momentum को कैसे chase करें Traders
وَ سَوْفَ يُعْطِيكَ رَبُّكَ فَتَرْضَىٰ | Allah Tumhe Itna Dega Ke Tum Razi Ho Jaoge ❤️ #shorts
وَ سَوْفَ يُعْطِيكَ رَبُّكَ فَتَرْضَىٰ | Allah Tumhe Itna Dega Ke Tum Razi Ho Jaoge ❤️ #shorts
শিক্ষয়ত্ৰী অঞ্জু দত্ত বৰুৱা আৰু কৃপাঞ্জলী গগৈ জিলা কৃৰ্তি শিক্ষকৰ সন্মান
শিক্ষয়ত্ৰী অঞ্জু দত্ত বৰুৱা আৰু কৃপাঞ্জলী গগৈ জিলা কৃৰ্তি শিক্ষকৰ সন্মান
मराठा आंदोलकांवरील गुन्हे तात्काळ मागे घ्या - सकल मराठा समाज
मराठा आंदोलकांवरील गुन्हे तात्काळ मागे घ्या - सकल मराठा समाज