অসম আৰক্ষীয়ে মঙলবাৰে বাহনৰ খিৰিকীত ক’লা টিন্টিঙৰ সলনি ক’লা নেট ব্যৱহাৰ কৰা লোকসকলক সকিয়নী প্ৰদান কৰিছে।

এতিয়াৰ পৰা বাহনৰ খিৰিকীত অস্বচ্ছ ক’লা নেট ব্যৱহাৰ কৰা লোকসকলক জৰিমনা আৰোপ কৰা হ’ব বুলি সকীয়াই দিছে আৰক্ষীয়ে।

অসম আৰক্ষীৰ তৰফৰ পৰা লগতে কোৱা হয় যে এই ক’লা নেটসমূহ ছানস্ক্ৰীনৰ পৰিপূৰক নহয় আৰু ইয়াক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে।

ছ’চিয়েল মিডিয়াত অসম আৰক্ষীয়ে কয়, ‘যিয়েই নহওক ক’লা ক’লায়েই। দেখা গৈছে যে কিছুমান লোকে বাহনৰ খিড়িকিত ব্লেক টিণ্টিঙৰ সলনি ব্লেক নেটৰ ব্যৱহাৰ কৰে। আমি পুনৰ ক’ব বিচাৰো যে বাহনত ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰে আপোনাক জৰিমনা ভৰাব পাৰে। অস্বচ্ছ ব্লেক নেট চানস্ক্ৰীণৰ পৰিপূৰক নহয়’।