যোৰহাট -মাজুলী সংযোগী দলং পৰিৰ্দশন লুৰিণৰ

______________________

  অসম জাতীয় পৰিষদৰ জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে মাজুলী-যোৰহাট সংযোগী দলংৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰি

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এনেদৰে কয়। তেওঁ আৰু কয় যে- অতি আচৰিত ভাৱে এখন নৈৰ ওপৰত একেবাৰে কম বাজেটৰ দলং খন উত্তৰ প্ৰদেশৰ এটা ব্লেক লিষ্টেড ইউপি ষ্টেট ব্ৰীজ কৰ্পৰেচন নামৰ কোম্পানীৰ হাতত দিয়াৰ পিছতেই উক্ত কোম্পানীৰ উপ-ঠিকা লৈ বি আৰ চি নামৰ এটা কোম্পানীয়ে কাম আৰম্ভ কৰাৰ পিছত দলংৰ ৮ আৰু ১১ নম্বৰ খুটাত বিসংগতিয়ে দেখা দিলে। চৰকাৰো উক্ত কোম্পানীক লৈ সন্তুষ্ট নহয় বাবে এতিয়া অহা কালিলৈ আই আই টিৰ পৰা বিশেষজ্ঞ আহি চোৱাচিতা কৰিব। সময়ে সময়ে দলংৰ পৰিদৰ্শনৰ বাবে বিভিন্ন প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ দল আহিব। অৰ্থাৎ পুনৰবাৰ মাজুলীক প্ৰতাৰণা কৰা হৈছে। এখন দলং দি মাজুলীবাসী ৰাইজৰ বাবে নৈতিক দায়িত্ব পালন নকৰি তেওলোকে এই দলং খনৰ নামটো ৰাজনীতি কৰিছে আৰু এখন পুতলা দলং দিবলৈ চেষ্টা কৰিছে। এই দলংৰ বাবে যে আই আই টিৰ বিশেষজ্ঞৰ দলে পৰ্যবেক্ষণৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছে এই কথা বতৰা বোৰৰ স্বচ্ছতা ,স্পষ্টতা প্ৰতিবেদন আকাৰত মানুহক জনাব লাগে বুলি উল্লেখ কৰি দলংৰ বাবে ৬৮০ কোটিৰ বিপৰীতে পৰ্যাপ্ত বাজেট মুকলি কৰি বন্ধ হৈ থকা দলংৰ কাম-কাজ আৰম্ভ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সাংগঠনিক দিশৰ বুজ লবৰ বাবে অহা জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি দলটিয়ে প্ৰথমে মাজুলীত উপস্থিত হৈ মাজুলীৰ গড়মূৰ স্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত এখনি সংবাদমেল সম্বোধন কৰে। মাজুলীৰ উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাথী গৰাকী পৰাজয়ৰ পাছত আজি প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হৈ সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সংবাদ মেলত গগৈয়ে কয় যে- মাজুলী আমাৰ সকলোৰে কাৰণে স্বাভিমান, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান আদৰ্শৰ আধাৰ ভূমি মাজুলীৰ পৰাই আমি আমাৰ সাংগঠনিক দিশৰ কাম-কাজ আগবঢ়াব খুজিছোঁ। বিশেষকৈ এই সমষ্টিটো বহুদিনৰে পৰা বহু সমস্যাৰে জৰ্জৰিত হৈ আহিছে। প্ৰত্যেকেই প্ৰতিটো নিৰ্বাচন অহাৰ লগে লগেই মাজুলীক বিভিন্ন ধৰণে প্ৰতিশ্ৰুতি দিয়ে। যোৱা উপ-নিৰ্বাচনতো অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়ালৈ আহি দীঘলীয়া প্ৰতিশ্ৰুতি দিলে। কিন্তু উপ-নিৰ্বাচনৰ ফলাফল হৈ যোৱাৰ পিছত আজি ৭ মাহে মুখ্যমন্ত্ৰী কিন্তু মাজুলীলৈ নাহিল। মাজুলীৰ সমস্যা সমস্যা হৈয়েই থাকিল। বান-গড়াখহনীয়া সমস্যা সমস্যা হৈয়েই থাকিল। মাজুলীক ১১ শ কোটি টকাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। মাজুলীৰ স্বাস্থ্য খণ্ডৰ অৱস্থাও তথৈবচ। সৰু এটা অসুখৰ চিকিৎসা কৰিবলৈও মাজুলীৰ চিকিৎসা খণ্ডত সুবিধা নাই বুলি অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে উল্লেখ কৰে।ইয়াৰ উপৰিও তেওঁ আৰু কয় যে-মাজুলীৰ বিভিন্ন শৈক্ষিক সমস্যা, যাতায়তৰ সমস্যাৰে জৰ্জৰিত মাজুলীলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে পিঠি দিলে। মাজুলীৰ এতিয়াও ৯,৫৬৫ টা পৰিয়ালে গড়াখহনীয়াত সৰ্বস্ব হেৰুৱাই মথাউৰীত বসবাস কৰিবলগীয়া হৈছে। বান-গড়াখহনীয়া সমস্যাটো আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি সমাধানৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।