নামৰূপ সাৰ কাৰখানা ব্যক্তিগত কৰণৰ বিৰোধিতা কৰি গোলাঘাট চিপিআইৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

 ৰাসায়নিক সাৰৰ নাটনি আৰু অত্যাধিক মূল্যবৃদ্ধিয়ে কৃষকক মাধমাৰ শোধোৱাৰ সময়তে অসমৰ কৃষকৰ আয়ূসৰেখা নামৰূপ সাৰ কাৰখানা ব্যক্তিগত কৰণৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ গোলাঘাট জিলা পৰিষদে। জিলা পৰিষদৰ সম্পাদক হৰেন বৰা, সহকাৰী সম্পাদক প্ৰহ্লাদ বৰা আৰু পৰমানন্দ দাসৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাই যে নামৰূপ সাৰ কাৰখানাৰ ব্যক্তিগত কৰণে অসমৰ কৃষকৰ বাবে অশণি সংকেত কঢ়িয়াই আনিছে।বিজ্ঞপ্তিটোত কয় যে অসমৰ কৃষকৰ আয়ুসৰেখা হ'ল নামৰূপ সাৰ কাৰখানা। এই কাৰখানা ব্যক্তিগত কৰণ হৈ উঠিলে সাৰৰ মূল্য অনিয়ন্ত্ৰিত হৈ পৰিব, ফলত কৃষকে সাৰ প্ৰয়োজন অনুসাৰে ক্ৰয় কৰিব নোৱাৰিব। ইয়াৰ লগে লগে অসমৰ কৃষি খণ্ডত এক বিৰূপ প্ৰভাৱ পৰিব। নামৰূপ সাৰ কাৰখানা ৰাজহুৱা খণ্ডৰ জৰিয়তে অধিক উৎপাদনমুখী আৰু বিকশিত কৰি উদ্যোগটো অসমৰ সম্পদ কৰি ৰাখিবৰ বাবে দাবী জনায় চিপিআইৰ গোলাঘাট জিলা পৰিষদে। কোনোপধ্যেই কাৰখানাটো ব্যক্তিগত খণ্ডক গতাই দিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে। আজি চিপিআইৰ এটি প্ৰতিনিধি দলে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে এখনি স্মাৰকপত্ৰ দেশৰ প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰে।জিলা সহকাৰী সম্পাদক প্ৰহ্লাদ বৰা, পৰমানন্দ দাস, কৃষক সভাৰ জিলা সভাপতি শৈলেন শইকীয়া আৰু এআইএছ এফৰ জিলা সভাপতি যদু বৰাই প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি দলটোৱে এই স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰে নামৰূপ সাৰ কাৰখানা ব্যক্তিগত কৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।