চিলাপথাৰৰ বিশিষ্ট লেখিকা , কবি ,অধ্যাপিকা ড০ প্ৰেমলতা শৰ্মাৰ পৰলোকপ্ৰাপ্তি ; সমগ্ৰ চিলাপথাৰত শোকৰ ছাঁঃ 

বিকাশ শইকীয়া, চিলাপথাৰঃ ১৩ ছেপ্টেম্বৰঃ ধেমাজি জিলাৰ চিলাপথাৰৰ বিশিষ্ট লেখিকা, কবি, অধ্যাপিকা ড০ প্ৰেমলতা শৰ্মাৰ আজি পৰলোকপ্ৰাপ্তি ঘটে । জানিব পৰা অনুসৰি ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত নিশা শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে , ড০ প্ৰেমলতা শৰ্মা চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহাকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও চিলাপথাৰৰ বহু সামাজিক অনুষ্ঠান - প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাবে জড়িত আছিল প্ৰয়াত অধ্যাপিকা গৰাকী।মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে সহপাঠী আৰু শিক্ষক - শিক্ষয়িত্ৰীসকলক লৈ ৰেঙণি সাহিত্য চ'ৰা প্ৰতিষ্ঠা কৰি চিলাপথাৰৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনক সাৰুৱা কৰি ৰাখিছিল ।আনহাতে চিলাপথাৰৰ লগতে চিমেন চাপৰিৰ অঞ্চলটোত সাহিত্য- সংস্কৃতিৰ লগতে সামাজিক ক্ষেত্ৰখনৰ বহু অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত দুয়োটা অঞ্চলতে শোকৰ ছাঁ পৰে । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি পুৱাৰেপৰা অসংখ্য গুণমুগ্ধ আৰু আত্মীয় স্ৰজনে পিতৃগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । ইয়াৰ পিছত নশ্বৰদেহ চিমেন চাপৰিস্থিত নিজা বাসভৱনলৈ নি তাতো গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ অন্তত সমাধিস্থ কৰা হয় । সকলোৰে প্ৰিয় হৈ পৰা প্ৰেমলতা শৰ্মাৰ মৃত্যুত চিচিবৰগাঁও মহাবিদ্যালয়কে আদি কৰি বহু কেইখন শিক্ষানুষ্ঠানত শোক সভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন দল-সংগঠনকে আদি কৰি অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাস , চিলাপথাৰ কবি সমাজৰ সভাপতি কুমুদ দত্ত , সম্পাদক মিত্ৰলাল শৰ্মা , গৱেষক - সমাজকৰ্মী ড০ উত্তম দাস , প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সঞ্চালিকা ৰেণু বৰুৱা , সমাজ সেৱক - জেষ্ঠ নাগৰিক মানিক শৰ্মা , নাট্যকাৰ-পৰিচালক নৃপেন বৰঠাকুৰ , সাৰথি স্বেচ্ছাসেৱী অনুষ্ঠান মুখ্য সচিব মনোজ দাস , ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ , চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈ , সম্পাদক পাপলু গগৈ , ছাত্ৰ নেতা দেবেন ডেকা আদি তেখেতৰ অনেক গুণমুগ্ধই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।