তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে কলকাতাত তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। 

ক্ষুব্ধ বিজেপি সমৰ্থকে বড়া বজাৰ অঞ্চলত আৰক্ষীৰ এখন বাহন জ্বলাই দিয়া বুলিও অভিযোগ উত্থাপন হৈছে। বিজেপিৰ বিক্ষোভ কাৰ্যসূচীৰ সময়তে গাড়ীখন জ্বলাই দিয়া হৈছিল বুলি স্থানীয় লোকে কয়।

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, একাংশ লোকে প্ৰথমে আৰক্ষীৰ বাহনখনত শিলগুটি নিক্ষেপ কৰাৰ পিছত গাড়ীখনত জুই লগাই দিছিল।

উল্লেখ্য যে তৃণমূল চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীত অংশ ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপি কৰ্মীসকল কলকাতাত উপস্থিত হৈছিল। 

কিন্তু ,চিবালয় অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে আৰু শুভেন্দু অধিকাৰী, বিজেপিৰ সাংসদ লকেট চেটাৰ্জী আৰু ৰাহুল সিনহাকে ধৰি দলৰ আন নেতাসকলক আটক কৰে।

আটক হোৱাৰ পিছতে প্ৰতিবাদকাৰীসকলে পৰিস্থিতি অধিক জটিল কৰি তোলাত আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে।

আটক হোৱাৰ পূৰ্বে শুভেন্দু অধিকাৰীয়ে কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগক উত্তৰ কোৰিয়াৰ দৰে বনাইছে।