গোলাঘাট জিলাৰ দেৰগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ৰৈ থকা ডাম্পাৰত খুন্দিয়াই পথাৰত উফৰি পৰিল এখন যাত্ৰীবাহী বাছ। তথ্য অনুসৰি গুৱাহাটী অভিমুখী যোৱা AS-01-GC-4755 নম্বৰৰ এখন যাত্ৰীবাহী বাছে তীব্ৰবেগত আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৰগাঁৱৰ অমৃতপুৰত ৰখাই থোৱা AS-23-BC-1976 নম্বৰৰ ডাম্পাৰখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ডাম্পাৰখনত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি গৈ কাষৰ পথাৰত পৰেগৈ যাত্ৰীবাহী বাছখনে। এই পথ দুৰ্ঘটনাত বাছখনৰ চালকসহ ৮জনকৈ লোক আহত হয়। আহত সকলক আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাছখনত মুঠ ২২গৰাকী যাত্ৰী আছিল আৰু ইয়াৰে
৮জনকৈ যাত্ৰী গুৰুত্বৰ আঘাত প্ৰাপ্তৰ হয়
যদিও ১৪ গৰাকী যাত্ৰী সামান্য দুখ পায়।