বাক্সা: বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত ৰাজ্যখনৰ অন্যতম মনোৰম পৰ্যটনস্থলী দাৰাগাৱত আজি দাৰাগাৱ-দিৰিং পিকনিক স্পট কো-অপাৰেটিভ ছছাইটিৰ উদ্যোগত আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ সহযোগত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী পালন কৰা হয় । কাৰ্যসূচীত অনুসৰি পুৱা দাৰাগাৱ-দিৰিং পিকনিক স্পটৰ প্ৰৱেশ পথৰ পৰা স্থানীয় ৰাইজে মূল পিকনিক স্পটলৈ এক সজাগতা সমদল বাহিৰ কৰে । ইয়াৰ পিচত দাৰাগাৱ-দিৰিং পিকনিক স্পটৰ কাৰ্যালয়ৰ শিলান্যাস কৰে এছএছবিৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট নন্দ কিশোৰ টামটাই ৷ শিলান্যাস কৰি তেওঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে পৰ্যটনস্থলীত গছপুলি ৰোপণ কৰাৰ লগতে "হৰ ঘৰ ত্ৰিৰংগা" শীৰ্ষক কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা বুলি কয় ৷ দাৰাগাৱ-দিৰিং পিকনিক স্পট সুন্দৰ আৰু পৰিস্কাৰ ৰখাৰ বাবে এছএছবিৰ ফালৰ পৰা ১০ টা ডাষ্টবিনো কামাণ্ডেন্ট গৰাকীয়ে কৰ্তৃপক্ষক প্ৰদান কৰে । আনহাতে অনুষ্ঠানত উপস্থিত থাকি দাৰাগাৱ-দিৰিং পিকনিক স্পট কো-অপাৰেটিভ চ'ছাইটিৰ সভাপতি জগদীশ ৰামচিয়াৰীয়ে পৰ্যটক সকলক প্লাষ্টিক জাতীয় সামগ্ৰী য'তে-ত'তে নেপেলাই এক সঠিক স্থানত মজুত কৰি ৰাখিবলৈ আহ্বান জনায় ৷ আজিৰ এই অনুষ্ঠানত দাৰাগাৱ সমবায় প্ৰভাৰী ৱাই কুমাৰ সিঙ, অবিচি বোৰ্ডৰ বাক্সা জিলা সমিতিৰ সভাপতি থমণ কৈৰালাৰ উপৰিও এছএছবিৰ ভালেসংখ্যক জোৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લા સેવા સદન ખાતે કલેક્ટરની અધ્યક્ષતામાં પ્રિ.મોન્સૂન બેઠક યોજાઈ | SatyaNirbhay News Channel
જિલ્લા સેવા સદન ખાતે કલેક્ટરની અધ્યક્ષતામાં પ્રિ.મોન્સૂન બેઠક યોજાઈ | SatyaNirbhay News Channel
CID अरेस्ट करने पहुंची, N Chandrababu Naidu के समर्थकों ने ये क्या कर डाला?
CID अरेस्ट करने पहुंची, N Chandrababu Naidu के समर्थकों ने ये क्या कर डाला?
દિયોદરમાં કેશાજી ચૌહાણ ને ભાજપ ની ટિકિટ મળી
દિયોદરમાં કેશાજી ચૌહાણ ને ભાજપ ની ટિકિટ મળી
50MP कैमरा, 6000mAh बैटरी वाले Samsung Galaxy M15 5G की प्री-बुकिंग शुरू, जानिए क्या मिल रहे ऑफर्स
Samsung Galaxy M15 5G स्मार्टफोन की प्री बुकिंग शुरू हो गई है। सैमसंग का यह फोन भारत में 8 अप्रैल...