বাক্সা: বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত ৰাজ্যখনৰ অন্যতম মনোৰম পৰ্যটনস্থলী দাৰাগাৱত আজি দাৰাগাৱ-দিৰিং পিকনিক স্পট কো-অপাৰেটিভ ছছাইটিৰ উদ্যোগত আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ সহযোগত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী পালন কৰা হয় । কাৰ্যসূচীত অনুসৰি পুৱা দাৰাগাৱ-দিৰিং পিকনিক স্পটৰ প্ৰৱেশ পথৰ পৰা স্থানীয় ৰাইজে মূল পিকনিক স্পটলৈ এক সজাগতা সমদল বাহিৰ কৰে । ইয়াৰ পিচত দাৰাগাৱ-দিৰিং পিকনিক স্পটৰ কাৰ্যালয়ৰ শিলান্যাস কৰে এছএছবিৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট নন্দ কিশোৰ টামটাই ৷ শিলান্যাস কৰি তেওঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে পৰ্যটনস্থলীত গছপুলি ৰোপণ কৰাৰ লগতে "হৰ ঘৰ ত্ৰিৰংগা" শীৰ্ষক কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা বুলি কয় ৷ দাৰাগাৱ-দিৰিং পিকনিক স্পট সুন্দৰ আৰু পৰিস্কাৰ ৰখাৰ বাবে এছএছবিৰ ফালৰ পৰা ১০ টা ডাষ্টবিনো কামাণ্ডেন্ট গৰাকীয়ে কৰ্তৃপক্ষক প্ৰদান কৰে । আনহাতে অনুষ্ঠানত উপস্থিত থাকি দাৰাগাৱ-দিৰিং পিকনিক স্পট কো-অপাৰেটিভ চ'ছাইটিৰ সভাপতি জগদীশ ৰামচিয়াৰীয়ে পৰ্যটক সকলক প্লাষ্টিক জাতীয় সামগ্ৰী য'তে-ত'তে নেপেলাই এক সঠিক স্থানত মজুত কৰি ৰাখিবলৈ আহ্বান জনায় ৷ আজিৰ এই অনুষ্ঠানত দাৰাগাৱ সমবায় প্ৰভাৰী ৱাই কুমাৰ সিঙ, অবিচি বোৰ্ডৰ বাক্সা জিলা সমিতিৰ সভাপতি থমণ কৈৰালাৰ উপৰিও এছএছবিৰ ভালেসংখ্যক জোৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाचन दुरुस्त और वजन कंट्रोल करने में मददगार है धनिया के बीज का पानी, ऐसे करें तैयार
धनिया के बीज या जिसे सूखी धनिया भी कहते हैं, एक ऐसा अहम मसाला है, जो हर भारतीय किचन और लगभग...
মাজুলীত উপস্থিত চাহ জনগোষ্ঠী কল্যাণ আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিচান...
মাজুলীত উপস্থিত চাহ জনগোষ্ঠী কল্যাণ আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিচান...
RBSE Board 10th Result 2024: RBSE Topper रिचा चौधरी! 97% अंक, IAS बनने का सपना #local18
RBSE Board 10th Result 2024: RBSE Topper रिचा चौधरी! 97% अंक, IAS बनने का सपना #local18
Shimla Rail Service Reopen: 3 महीने बाद Kalka-Shimla रेलवे लाइन पर परिचालन शुरू | Aaj Tak News
Shimla Rail Service Reopen: 3 महीने बाद Kalka-Shimla रेलवे लाइन पर परिचालन शुरू | Aaj Tak News
অমৰাৱতী বৃদ্ধাশ্ৰমত সাংসদ তপন গগৈ; ১০ লাখ টকাৰ অনুদান ঘোষণা
যোৰহাটৰ নিমাতী বৰআলিৰ কাষৰ পটিয়া-ফকলা পথাৰস্থিত অমৰাৱতী বৃদ্ধাশ্ৰমত ১৩ ছেপ্টেম্বৰৰ বিয়লি যোৰহাট...