মৰঙীত CSP CENTRE ৰ লুণ্ঠনত অতিষ্ঠ ৰাইজ। অভিযোগ টকা আত্মসাতৰ।গোলাঘাট জিলা উপায়ুক্তক অভিযোগৰ পাছত দিলে ৰাজহুৱা সভা।
হয় গ্ৰাম্যাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে বেংক সমূহে গ্ৰাম্যাঞ্চলত স্থাপন কৰে গ্ৰাহক সেৱা কেন্দ্ৰ। প্ৰতিটো বেংকেই গাঁও অঞ্চলৰ ৰাইজৰ কথা চিন্তা কৰি স্থাপন কৰা একাংশ গ্ৰাহক সেৱা কেন্দ্ৰত এতিয়া দৰিদ্ৰ নিৰক্ষৰ কিছুমান গ্ৰাহকক ঠগি ধন আত্মসাতৰ অঘোষিত প্ৰতিযোগিতা চলিচে। মৰঙীৰ 2নং উল্টাজানৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালিকাৰ কৰ্মকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ। পাঞ্জাৱ নেচনেল বেংকৰ অংশ 2নং উল্টাজানৰ পৰিচালিকাৰ বিৰূদ্ধে এতিয়া অভিযোগ উত্থাপিত হৈছে ধন আত্মসাতৰ। উক্ত গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালিকা ৰুলি বেগমৰ বিৰূদ্ধে এতিয়া ধন আত্মসাতৰ অভিযোগ উত্থাপিত কৰি গোলাঘাট জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পাছত ৰাজহুৱা সভা অনুষ্ঠিত কৰে। উক্ত গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালিকা গৰাকীৰ বিৰুদ্ধে অভিযোগ বিভিন্ন কৌশল অৱলম্বন কৰি বিভিন্ন সময়ত দৰিদ্ৰ লোক সকলৰ পৰা ধন আত্মসাত কৰি আহিছে।