ঢকুৱাখনা আবকাৰী চক্ৰৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত সোমবাৰে অবৈধ চুলাই বিৰোধী অভিযান চলোৱা হয়।লাক্ষীমপুৰ জিলা আবকাৰী বিভাগৰ অধীক্ষক শান্তনু হাজৰিকা নেতৃত্বত ,ঢকুৱাখনা আবকাৰী বিভাগৰ চক্ৰ পৰিদৰ্শক ভূপেন শইকীয়াৰ তত্ত্বাৱধানত আৰু লাক্ষীমপুৰ সদৰ আবকাৰী চক্ৰৰ সহকাৰী আবকাৰী পৰিদৰ্শক দিলীপ কলিতা সহযোগত ঢকুৱাখনা চক্ৰৰ  অন্তৰ্গত বাহপৰা, বৰবাৰী ,বকুলগুৰি, দক্ষিণ চাপৰি ,থেকেৰা গুৰি গাওঁ, ঘিলামৰা দীঘলী আদি গ্ৰামাঞ্চলত বিশাল আবকাৰী আৰু লাক্ষীমপুৰ আৰক্ষী চাউনিৰ আৰক্ষী বাহিনীৰ সহযোগিতাৰে চলোৱা অভিযান কালত হাবি জংঘল,ধাননি পথাৰৰ মাজত আৰু ঘৰৰ ভিতৰত মজুত ৰখা বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ নষ্ট কৰি চুলাই ঘাটি সমূহ উচ্ছেদ কৰা হয়।