ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰৰ পুখুৰীত দুষ্প্ৰাপ্য কাছ মুকলি।

প্ৰকৃতিৰ অনুপম সৃষ্টি পশু- পক্ষী,মাছ- কাছসমূহ এচাম দুষ্কৃতিকাৰীৰ চিকাৰ হৈ অহাৰ সময়তে অন্য একাংশ সমাজ হিতৈষী, প্ৰকৃতি প্ৰেমী ব্যক্তিয়ে কিন্তু ইয়াক  ৰক্ষণাবেক্ষণো দি আহিছে। তেনে এক নিদৰ্শন দাঙি ধৰিছে গাওঁৰক্ষী বাহিনী, দৰং জিলা সমিতিৰ উপ-উপদেষ্টা মুকুট শইকীয়াই। মুকুট শইকীয়াই দুষ্প্ৰাপ্য কাছ এটি উদ্ধাৰ কৰি ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰৰ পুখুৰীত এৰি দিয়ে। তেখেতৰ মহৎ কাৰ্যত সহযোগ কৰে মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমীৰ শিক্ষক মলয় বৰুৱা, বিশ্ব হিন্দু পৰিষদৰ তেজপুৰ বিভাগৰ সংগঠন মন্ত্ৰী উপেন ডেকা, সত্ৰৰ মহন্ত শশীন ভট্ট আৰু সাংবাদিক নৱজিৎ শৰ্মাই।