সোণাৰি পানী যোগান আঁচনিৰ নিয়মিয়াকৈ পানী দিয়াৰ ব্যবস্থা কৰাবৰ বাবে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান 

  আজি এবছৰো অধিক সময় ধৰি সোণাৰি পানী যোগান বিভাগে সোণাৰি নগৰবাসী ৰাইজক প্রয়োজনমতে পানী যোগান ধৰাত ব্যৰ্থ হৈছে । পানী যোগান কিয় বন্ধ কৰি ৰখা হৈছে উক্ত বিষয়টো বিভাগীয় কৰ্মচাৰীৰ ওচৰত জানিব বিচাৰিলে মটৰ বিকল হৈ থকা বুলি দায় হৰা মন্তব্য দি আহিছে । ইয়াক লৈ কালি নগৰখনত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত ইমান দিনে কিয় মটৰ মেৰামতি বা নতুন মটৰ স্থাপন কৰিব পৰা নাই সেয়া এক প্ৰশ্নৰ বিষয় , কৰ্মচাৰীৰ গাফিলতিৰ বাবে নে বিভাগীয় কর্তৃপক্ষৰ অমনোযোগীতাৰ বাবে এনে হৈছে ? ইয়াক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰে । আনকি সভাত ৰাইজে যদিহে অসম চৰকাৰ বিভাগৰ পুঁজিৰ অভাৱ হৈছে তেন্তে আমি সোণাৰি নগৰবাসীয়ে সাধ্য অনুসাৰে অৰ্থ সহায় আগবঢ়াম বুলি ইতিমধ্যে সভাত সিদ্ধান্ত গ্রহণ কৰে । ইয়াৰ পাছতো বিভাগীয় কর্তৃপক্ষই এই ক্ষেত্ৰত কোনো কাণসাৰ নিদিয়ে তেন্তে ৰাইজে সকলো দল - সংগঠনক লগত লৈ নগৰবাসীয়ে এলানি আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হব বুলি স্পষ্ট কৰি দিছে । ইফালে বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি সোণাৰি নগৰবাসী ৰাইজক সঠিকমতে পানী দিয়াৰ ব্যৱস্থা কৰিবলৈ সোণাৰি পানী যোগান আঁচনি কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বাধ্য কৰোৱাৰ দাবী জনাই চৰাইদেউ জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ ৰাইজে প্ৰদান কৰে ।