১৯৯০ চনতে অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত মৰাণত স্থাপন কৰা অঞ্চলটোৰ গুণগত শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ষড়যন্ত্ৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো লিপ্ত হৈছে বুলি অভিযোগ উঠিছে৷ বহু দৰিদ্ৰ ঘৰৰ সন্তানে বিনামূলীয়াকৈ বিজ্ঞানৰ শিক্ষা লাভ কৰি উপকৃত হৈ অহাৰ পাচতো ২০০৪ চনত ষড়যন্ত্ৰমূলকভাৱে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বন্ধ কৰি অঞ্চলটোৰ সম্ভাৱনাপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক ক্ষতি সাধন কৰিলে অইলে৷ বহু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বন্ধ কৰাৰ বিৰুদ্ধে জনমত গঠন কৰে যদিও তিলমানো গুৰুত্ব প্ৰদান নকৰিলে অইল ইণ্ডিয়াই৷ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়খন কেন্দ্ৰীয় বৰ্ডৰ অধীনলৈ নিয়া হ’ব বুলিও একাংশ দল-সংগঠনক সৈমান কৰাইছিল৷কিন্তু অতি পৰিকল্পিতভাৱে পুনৰ পৰ্যায় ক্ৰমে স্কুলখন বন্ধ কৰাৰ ষড়যন্ত্ৰ চলিছে বুলিও অভিযোগ উত্থাপন হৈছে৷ অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা জানিব পৰা মতে যোৱা ১ ছেপ্টেম্বৰৰ পৰা অইল ইণ্ডিয়াই স্কুল বাচ বন্ধ কৰি দিছে৷ ফলত দাঁতি কাষৰীয়া ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিব পৰা নাই৷ একাংশই চাইকেল বা আন বাহনত আহিছে যদিও জটিল সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল৷ অইল কতৃপক্ষই মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্কুল বাচ বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাক লৈ ক্ষোভ প্ৰকাশ মৰাণ আছু নেতৃত্ব  । আজি মৰাণৰ আছু নেতৃত্বই অইল ইণ্ডিয়া কতৃপক্ষ এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে । যদি অইল ইণ্ডিয়াৰ কতৃপক্ষই নিজৰ সিধান্ত বাতিল নকৰে তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হব লাগিব বুলি সিয়নী প্ৰদান কৰে আছুৱে