বেংকৰ গ্ৰাহকৰ নামত দালাল চক্ৰ আৰু বেংক কৰ্তৃপক্ষ মিলি জালিয়াতিৰে সৰকাই নিলে কেইবাকোটি টকাৰ ঋণ ।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
এককালীন সাহায্য প্ৰদানৰ নামত বেংকৰ গ্ৰাহকক প্ৰবঞ্চনা ।
বেংকৰ গ্ৰাহকক বিনামূলীয়া সাহায্য প্ৰদানৰ নামত নথি-পত্ৰ সংগ্ৰহ কৰি ভয়ংকৰ জালিয়াটি কৰাৰ অভিযোগ উঠিছে ছিপাঝাৰৰ কটৰা আৰু সাৰেঙত।
ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থিত ইউকো বেংকৰ অধীনত সংঘটিত এই জালিয়াতিৰ ঘটনা।
আনকি গ্ৰাহকৰ অজ্ঞাতে ভুৱা নথি পত্ৰৰ জৰিয়তে স্বাক্ষৰবিহীন ভাবে ঋণ আবণ্টন দি বেংক কৰ্তৃপক্ষ আৰু দালালে গোপনে ঋণৰ ধন উলিয়াই নিয়াৰ ঘটনা সংঘটিত হৈছে ।
গ্ৰাহকৰ অজ্ঞাতে ৬০-৮০হাজাৰ টকালৈকে ঋণ প্ৰদান কৰি প্ৰৱঞ্চকে সৰকালে কেইবাকোটি টকা।
এই অভিযোগ ভুক্তভোগীৰ।
বেংকটোৰ অধিনত কলাইগাওঁ আৰু ছিপাঝাৰৰ প্ৰায় ১১শ গ্ৰাহক এনে প্ৰৱঞ্চনাৰ বলি হোৱা বুলি জানিব পৰা গৈছে।
বেংকৰ পৰিচালকে ঋণ পৰিশোধৰ মৌখিক জাননী দিবলৈ অহাত হে পোহৰলৈ আহে এই ঘটনা।
খৈৰাবাৰী ইউকো বেংকত সংঘটিত এই ভয়ংকৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাছে ভুক্তভোগীসকলে।