দৰং জিলা পথ সুৰক্ষা সমিতিৰ সভা অনুষ্ঠিত*মঙলদৈ, জুলাই ১৩: আজি দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাৰ সভাপতিত্বত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত সিদ্ধান্ত লোৱা হয় যে যাত্ৰীসকলৰ বাবে পথসমূহ সুৰক্ষিত কৰাৰ লগতে নিৰাপদ গাড়ী চলোৱাৰ নিয়মৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে যান-বাহনৰ নীতি-নিয়ম উলংঘা কৰি পথত জনসাধাৰণৰ সুৰক্ষা বিপন্ন কৰা বাণিজ্যিক বাহন আৰু বাছৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ দ্বাৰা কঠোৰ ব্যৱস্থা লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতি সীমাৰ বিষয়ে অৱগত কৰা সঠিক পথৰ চিন স্থাপন কৰা আৰু পৰিবহণ শ্ৰমিকৰ বাবে চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা আদি বিষয়েও আলোচনা কৰা হয়। হাইৱেৰ লগত সংলগ্ন উপ পথসমূহত গতিৰোধক স্থাপন কৰি যান বাহনৰ দুৰ্ঘটনা হ্ৰাস কৰাৰ ওপৰতো আজিৰ সভাত আলোচনা কৰা হয় । শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ সমূহ শীঘ্ৰে মেৰামতিৰ বাবে উপায়ুক্ত গৰাকীয়ে লোক নিৰ্মান (পথ)বিভাগক নিৰ্দেশ প্ৰদান কৰে । জিলা পৰিবহন বিষয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল আজিৰ সভাত উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્વચ્છ સાગર, સુરક્ષિત સાગર અભિયાન અંતર્ગત મહુવા તાલુકા આજુબાજુ ના દરિયાઈ બીચ ની સાફસફાઈ
સ્વચ્છ સાગર, સુરક્ષિત સાગર અભિયાન અંતર્ગત મહુવા તાલુકા આજુબાજુ ના દરિયાઈ બીચ ની સાફસફાઈ
Kolkata Doctor Strike: ममता ने मान लीं तीन मांगें, लेकिन काम पर नहीं लौटेंगे डॉक्टर | Aaj Tak
Kolkata Doctor Strike: ममता ने मान लीं तीन मांगें, लेकिन काम पर नहीं लौटेंगे डॉक्टर | Aaj Tak
SSB 67th BN hold continue awareness in Border village on "Har Ghar Tiranga"
The 67th BN of SSB continue to hold two separate awareness program in the border village at...
Mumbai Rain: मुंबई में आफत बनकर बरसी बारिश, IMD ने जारी किया ऑरेंज अलर्ट, आज स्कूल- कॉलेज बंद
Mumbai Rain: मुंबई में आफत बनकर बरसी बारिश, IMD ने जारी किया ऑरेंज अलर्ट, आज स्कूल- कॉलेज बंद