দৰং জিলা পথ সুৰক্ষা সমিতিৰ সভা অনুষ্ঠিত*মঙলদৈ, জুলাই ১৩: আজি দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাৰ সভাপতিত্বত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত সিদ্ধান্ত লোৱা হয় যে যাত্ৰীসকলৰ বাবে পথসমূহ সুৰক্ষিত কৰাৰ লগতে নিৰাপদ গাড়ী চলোৱাৰ নিয়মৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে যান-বাহনৰ নীতি-নিয়ম উলংঘা কৰি পথত জনসাধাৰণৰ সুৰক্ষা বিপন্ন কৰা বাণিজ্যিক বাহন আৰু বাছৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ দ্বাৰা কঠোৰ ব্যৱস্থা লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতি সীমাৰ বিষয়ে অৱগত কৰা সঠিক পথৰ চিন স্থাপন কৰা আৰু পৰিবহণ শ্ৰমিকৰ বাবে চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা আদি বিষয়েও আলোচনা কৰা হয়। হাইৱেৰ লগত সংলগ্ন উপ পথসমূহত গতিৰোধক স্থাপন কৰি যান বাহনৰ দুৰ্ঘটনা হ্ৰাস কৰাৰ ওপৰতো আজিৰ সভাত আলোচনা কৰা হয় । শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ সমূহ শীঘ্ৰে মেৰামতিৰ বাবে উপায়ুক্ত গৰাকীয়ে লোক নিৰ্মান (পথ)বিভাগক নিৰ্দেশ প্ৰদান কৰে । জিলা পৰিবহন বিষয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল আজিৰ সভাত উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  'नई संसद लोकतंत्र का प्रतीक, बहिष्कार के फैसले पर विचार करें विपक्षी दल' राजनाथ सिंह की अपील 
 
                      नई दिल्ली,  देश में 28 मई का दिन ऐतिहासिक होने वाला है। इस रविवार को पीएम मोदी नए संसद भवन...
                  
   June 2024 में Maruti Suzuki के पास कुल कितने ऑर्डर हैं पेंडिंग, किस तकनीक वाली कारों की है बाजार में सबसे ज्यादा मांग, जानें पूरी डिटेल 
 
                      भारत की सबसे बड़ी वाहन निर्माता Maruti Suzuki की ओर से भारतीय बाजार में कई बेहतरीन कारों और...
                  
   Pokhran News: तोपों, टैंकों, लड़ाकू जहाजों की गर्जना से गूंजा पोखरण, दिखाई स्वदेशी हथियारों की ताकत 
 
                      Pokhran News: तोपों, टैंकों, लड़ाकू जहाजों की गर्जना से गूंजा पोखरण, दिखाई स्वदेशी हथियारों की ताकत
                  
   স্বাধীনতা দিৱস উপলক্ষে চাইকেল ৰেলী  
 
                      সোণাৰিৰ নাফুক সন্মিলিত যুৱ মঞ্চ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে নাফুক আদৰ্শ গাঁৱৰ পৰা ঐতিহাসিক...
                  
   
  
  
  
  
  