উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা পুখুৰী সদৃশ দ দ গাঁতে শংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক । এই গাঁতসমূহৰে পাৰ হৈ যোৱাটো এক প্ৰকাৰ ভয়ৰ কাৰণ হৈ পৰিছে যান-বাহনৰ লগতে পথচাৰীৰ বাবে । যাৰ বাবে অৱশেষত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ(National Highway 37) নিৰ্মাণৰ বাবে দহদিনৰ সীমা বান্ধি দিয়ে সদৌ অসম ছাত্ৰ সন্থাই । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণহাট গড়কাপ্তানী পৰিদৰ্শন ভৱনত অনুষ্ঠিত এক সংবাদমেলত আছুৰ নেতৃত্বই ঘোষণা কৰে এই কথা(AASU press meet at Moran) ।চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ জ্যোতি ভূঞাই আৰু ডিব্ৰুগড়ত জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱনী গগৈয়ে সংবাদমেলখন সম্বোধন কৰি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম(NHIDCL) আৰু ৰাষ্ট্ৰীয় পথ নিৰ্মাণ সংস্থাৰ অমনোযোগিতাৰ বাবে ৰাইজে সমস্যাত পৰিব লগা হৈছে বুলি উল্লেখ কৰে । নেতাদ্বয়ে দহ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম(National Highways Development Project) সম্পূৰ্ণ নকৰিলে গড়কাপ্তানি বিভাগৰ লগতে ৰাজ্যৰ মন্ত্ৰী-সাংসদসকল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে ।নেতাদ্বয়ে অতি শীঘ্ৰেই নিৰ্মাণৰত অৱস্থাত থকা চাৰিলাইনযুক্ত পথৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ডিমৌৰ পৰা তিলৈলৈকে মৰাণৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণ কৰাৰ দাবী তোলে । তেওঁলোকে লগতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ নামত কেৱল কমিছন সংগ্ৰহত ব্যস্ত থকা বুলি অভিযোগ কৰে ৷ তেওঁলোকে ডিব্ৰুগড়ৰ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এখন অতি গুৰুত্বপূৰ্ণ জিলা হোৱাৰ পাছতো ডিব্ৰুগড়লৈ অহা জৰাজীৰ্ণ পথে আচলতে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰাৰ্থী দিবলৈ হ'লে মিঞা অধ্যুষিত অঞ্চলত যাব লাগিব- জয়ন্ত মল্ল বৰুৱা
কংগ্ৰেছে খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে। সেয়ে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত...
बरसात आते ही बढ़ जाते हैं Waterborne Disease के मामले, डॉक्टर ने बताए इसके कारण और बचाव का तरीका
दिल्ली समेत देश के कई हिस्सों में बरसात के साथ ही लोगों को गर्मी से राहत मिल गई है। हालांकि...
Panchamrut festival is being celebrated at Thara | થરા ખાતે ઉજવાઈ રહ્યો છે પંચામૃત મહોત્સવમાં
Panchamrut festival is being celebrated at Thara | થરા ખાતે ઉજવાઈ રહ્યો છે પંચામૃત મહોત્સવમાં
Piles Exercise at Home | Yoga for Piles | Yoga for Piles and Fissures
Piles Exercise at Home | Yoga for Piles | Yoga for Piles and Fissures