উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা পুখুৰী সদৃশ দ দ গাঁতে শংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক । এই গাঁতসমূহৰে পাৰ হৈ যোৱাটো এক প্ৰকাৰ ভয়ৰ কাৰণ হৈ পৰিছে যান-বাহনৰ লগতে পথচাৰীৰ বাবে । যাৰ বাবে অৱশেষত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ(National Highway 37) নিৰ্মাণৰ বাবে দহদিনৰ সীমা বান্ধি দিয়ে সদৌ অসম ছাত্ৰ সন্থাই । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণহাট গড়কাপ্তানী পৰিদৰ্শন ভৱনত অনুষ্ঠিত এক সংবাদমেলত আছুৰ নেতৃত্বই ঘোষণা কৰে এই কথা(AASU press meet at Moran) ।চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ জ্যোতি ভূঞাই আৰু ডিব্ৰুগড়ত জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱনী গগৈয়ে সংবাদমেলখন সম্বোধন কৰি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম(NHIDCL) আৰু ৰাষ্ট্ৰীয় পথ নিৰ্মাণ সংস্থাৰ অমনোযোগিতাৰ বাবে ৰাইজে সমস্যাত পৰিব লগা হৈছে বুলি উল্লেখ কৰে । নেতাদ্বয়ে দহ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম(National Highways Development Project) সম্পূৰ্ণ নকৰিলে গড়কাপ্তানি বিভাগৰ লগতে ৰাজ্যৰ মন্ত্ৰী-সাংসদসকল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে ।নেতাদ্বয়ে অতি শীঘ্ৰেই নিৰ্মাণৰত অৱস্থাত থকা চাৰিলাইনযুক্ত পথৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ডিমৌৰ পৰা তিলৈলৈকে মৰাণৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণ কৰাৰ দাবী তোলে । তেওঁলোকে লগতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ নামত কেৱল কমিছন সংগ্ৰহত ব্যস্ত থকা বুলি অভিযোগ কৰে ৷ তেওঁলোকে ডিব্ৰুগড়ৰ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এখন অতি গুৰুত্বপূৰ্ণ জিলা হোৱাৰ পাছতো ডিব্ৰুগড়লৈ অহা জৰাজীৰ্ণ পথে আচলতে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दुर्गा पूजा महोत्सव का हुआ समापन
नैनवा में नव दिवसीय दुर्गा पूजा महोत्सव का समापन हुआ। कार्यक्रम के बारे में जानकारी देते हुए...
लग्न करताय सावधान..! तुम्हालाही घालू शकतात हे गंडा
लग्न करताय सावधान..! तुम्हालाही घालू शकतात हे गंडा
Parliament Session: 'सरकार ने इस बजट से लगभग देश के हर वर्ग को निराश किया' - Raghav Chadha | Aaj Tak
Parliament Session: 'सरकार ने इस बजट से लगभग देश के हर वर्ग को निराश किया' - Raghav Chadha | Aaj Tak
कुलगाम में मुठभेड़ में चार आतंकवादी ढेर, दो जवान शहीद, ऑपरेशन जारी
जम्मू-कश्मीर के कुलगाम में सुरक्षाबलों ने मुठभेड़ में चार आतंकवादियों को मार गिराया है। हालांकि,...