প্ৰতিদিনে লাভ কৰক ৫০০ টকা! ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে আৰ বি আইয়ে

এইবাৰ ৰিজাৰ্ভ বেংকে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ নিয়মত এক বৃহৎ পৰিৱৰ্তন কৰিছে। সেয়েহে তেওঁলোকে ইতিমধ্যে ভাৰতৰ বেংকসমূহক ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড প্ৰদান আৰু পৰিচালনাৰ সন্দৰ্ভত এক বৃহৎ নিৰ্দেশনা জাৰি কৰিছে। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হৈছে।

গতিকে RBI য়ে কি কি নিয়ম প্ৰণয়ন কৰিছে জানো আহক:

১)বেংকে এতিয়াৰে পৰা আবেদন অবিহনে কাৰ্ড প্ৰদান কৰিব নোৱাৰিব। ইয়াৰ উপৰিও আৰ বি আইয়ে কাৰ্ড উন্নীতকৰণতো কঠোৰভাৱে নিষিদ্ধ কৰিছে।

২)ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ আবেদনৰ ক্ষেত্ৰত আবেদনকাৰীয়ে ৭ দিনৰ ভিতৰত বাকী থকা ধনৰাশি জমা কৰিব লাগিব।

 ৩) কাৰ্ড ব্যৱহাৰকাৰীয়ে আবেদন কৰাৰ ৭ দিনৰ ভিতৰত কাৰ্ড বন্ধ নকৰিলে বেংকে কাৰ্ড ব্যৱহাৰকাৰীক প্ৰতিদিনে ৫০০ টকা দিব।

৩) কাৰ্ড ব্যৱহাৰকাৰীয়ে হেল্পলাইন, ই-মেইল-আইডি, ইন্টাৰেক্টিভ ভইচ ৰেচপন্স (আইভিআৰ), ৱেবছাইটত বিশেষভাৱে দৃশ্যমান লিংক, ইণ্টাৰনেট বেংকিং, মোবাইল-এপ বা আন যিকোনো মোড ব্যৱহাৰ কৰি কাৰ্ড বন্ধ কৰাৰ অনুৰোধ কৰিব পাৰে।

 ৪) কাৰ্ড ব্যৱহাৰকাৰীয়ে এতিয়া ডাকযোগে বা আন যিকোনো উপায়েৰে নিজৰ কাৰ্ড বাতিল কৰিব পাৰিব।

 ৫) যদি ৩০ দিনৰ ভিতৰত কাৰ্ড ব্যৱহাৰকাৰীৰ পৰা কোনো সঁহাৰি নাপায় তেন্তে ব্যৱহাৰকাৰীৰ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব।

 ৬) ক্ৰেডিট কাৰ্ডৰ একাউণ্ট বন্ধ হোৱাৰ লগে লগে ক্ৰেডিট কাৰ্ডৰ যিকোনো একাউণ্টত উপলব্ধ ক্ৰেডিট বেলেঞ্চ কাৰ্ডধাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব।

 ৭) বেংক-কোম্পানীয়ে আবেদনৰ সৈতে সুতৰ হাৰ, কাৰ্ডৰ লগত সংলগ্ন কৰা চাৰ্জকে ধৰি মৌলিক বিৱৰণ দিব লাগে।

 ৮) বেংক বা কোম্পানীয়ে গ্ৰাহকক কাৰ্ড হেৰুৱা বা জালিয়াতিৰ ক্ষেত্ৰত ধন ঘূৰাই দিবলৈ বীমাৰ বিকল্পও আগবঢ়াব পাৰে