এখন অপৰাধ শূণ্য গাঁও এই গাওঁখন আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷ গাঁওখনেই হৈছে 'বৰখামতি গাঁও' । নাৰায়ণপুৰ নগৰৰ পৰা ২ কিলোমিটাৰ নিলগত অৱস্থিত গাঁৱখন ৷ ১৮৮৩ চনতে স্থাপিত এই গাঁওখনৰ কোনো ব্যক্তিয়েই আজিলৈকে গচকি পোৱা নাই থানাৰ চৌহদ । অসমৰ এটা পুৰণি জনগোষ্ঠী হৈছে খামটি, তেতিয়াৰ সময়ত শদিয়াত বাস কৰা এই খামটিসকলে ইংৰাজৰ এজন গৱৰ্ণৰ কৰ্ণেল হোৱাইটক হত্যা কৰিছিল। কৰ্ণেল হোৱাইটক হত্যা কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে ছত্ৰভংগ দিয়াবলৈ খামটি সকলক লৈ জাহাজেৰে যাত্ৰা কৰিছিল আন্দামান নিকোবৰলৈ। যাত্ৰাকালত জাহাজত অসুস্থ হৈ পৰা খামটি লোকসকলক ইংৰাজে কলাবাৰীত মুকলি কৰি দিছিল। তেওঁলোক গৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বসতি স্থাপন কৰিলে। আৰু গাঁওখনৰ নাম থ’লে “বৰখামটি”। মুঠ ৪৩ টা পৰিয়ালে বসবাস কৰা এই বৰখামটি গাঁওখন মূলতঃ বৌদ্ধ ধৰ্মৰে দীক্ষিত। বৌদ্ধ ধৰ্মৰ পঞ্চশীলবাণীক সাৰোগত কৰি গাঁওবাসীয়ে অক্ষুণ্ণ ৰাখিছে শান্তিৰ ব্ৰত। গাঁওখনৰ পৰিষ্কাৰ পৰিচন্ন আৰু কোলাহলমুক্ত পৰিৱেশে আকৰ্ষণ কৰে বিভিন্ন জনক। গাঁওখনৰ মাজত আছে খামটি লোকসকল উপাসনাস্থলী বৌদ্ধ মন্দিৰ। একমাত্ৰ এই বৌদ্ধ মন্দিৰটোৱেই গাঁওখনৰ শান্তিৰ স্বাক্ষৰ বহন কৰি আহিছে।আমি খামটি সকলৰ উপাসনাস্থলি বৌদ্ধ মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই গৈছিলোঁ৷ এক সুন্দৰ পৰিবেশ৷ বিভিন্ন কৃৰ্তী চিহ্ন নিৰ্মাণ কৰি থোৱা হৈছে ভিতৰ ভাগত৷ চৰাই কোলাহলৰ বাদে শুনিবলৈ পোৱা নাযাই মানৱৰ শব্দ৷ ২০০৩ চনতে “অপৰাধ মুক্ত গাঁও” হিচাপে গাঁওখনে লাভ কৰিছে ৰাষ্ট্ৰীয় মৰ্য্যদা। গাঁওখনৰ এজনো ব্যক্তিৰ বিৰুদ্ধে নাই এটাও গোচৰ। হত্যা হিংসাৰে জৰ্জৰিত কৰা অশান্ত অসমখনত এইসমূহ বৈশিষ্ট্যৰ বাবে বৰখামটি গাঁওখন এতিয়া লখিমপুৰ জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महाराष्ट्र राज्य महिला आयोगाच्या अध्यक्षा रुपाली चाकणकर यांचा परभणी जिल्हा दौरा
परभणी, दि.29 : महाराष्ट्र राज्य महिला आयोगाच्या अध्यक्षा रुपाली चाकणकर (राज्यमंत्री दर्जा) ह्या...
पत्रकार एकता मंच जिला पन्ना के पदाधिकारियों एवं सदस्यों ने की पन्ना कलेक्टर संजय मिश्र से मुलाकात
*पत्रकार एकता मंच जिला पन्ना के पदाधिकारी एवं सदस्यों ने की पन्ना कलेक्टर सजंय मिश्र से मुलाकात*...
कांग्रेस नेता केसरी अहिरवार बाधाएं घाट भागवत कथा श्रवण करने जाते समय रास्ते में बलराम पटेल एवं उनकी पत्नी का एक्सीडेंट हो गया था उनको अपने वाहन से अमानगंज अस्पताल पहुंचाया
गुनौर : आज दिनांक 27 अप्रैल को बाधाएं घाट भागवत कथा श्रवण करने जाते समय गुनौर विधानसभा अंतर्गत...
"The cosmos was not nice," Shahid Kapoor regrets the Jersey fiasco. - Newzdaddy
Shahid Kapoor talks about how the success of Farzi helped him deal with the failure of his most...
Fukrey 3 Film Review: फ़िल्म समीक्षकों ने फ़िल्म फुकरे-3 को दिए कितने स्टार? (BBC Hindi)
Fukrey 3 Film Review: फ़िल्म समीक्षकों ने फ़िल्म फुकरे-3 को दिए कितने स्टार? (BBC Hindi)