এখন অপৰাধ শূণ্য গাঁও এই গাওঁখন আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷ গাঁওখনেই হৈছে 'বৰখামতি গাঁও' । নাৰায়ণপুৰ নগৰৰ পৰা ২ কিলোমিটাৰ নিলগত অৱস্থিত গাঁৱখন ৷ ১৮৮৩ চনতে স্থাপিত এই গাঁওখনৰ কোনো ব্যক্তিয়েই আজিলৈকে গচকি পোৱা নাই থানাৰ চৌহদ । অসমৰ এটা পুৰণি জনগোষ্ঠী হৈছে খামটি, তেতিয়াৰ সময়ত শদিয়াত বাস কৰা এই খামটিসকলে ইংৰাজৰ এজন গৱৰ্ণৰ কৰ্ণেল হোৱাইটক হত্যা কৰিছিল। কৰ্ণেল হোৱাইটক হত্যা কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে ছত্ৰভংগ দিয়াবলৈ খামটি সকলক লৈ জাহাজেৰে যাত্ৰা কৰিছিল আন্দামান নিকোবৰলৈ। যাত্ৰাকালত জাহাজত অসুস্থ হৈ পৰা খামটি লোকসকলক ইংৰাজে কলাবাৰীত মুকলি কৰি দিছিল। তেওঁলোক গৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বসতি স্থাপন কৰিলে। আৰু গাঁওখনৰ নাম থ’লে “বৰখামটি”। মুঠ ৪৩ টা পৰিয়ালে বসবাস কৰা এই বৰখামটি গাঁওখন মূলতঃ বৌদ্ধ ধৰ্মৰে দীক্ষিত। বৌদ্ধ ধৰ্মৰ পঞ্চশীলবাণীক সাৰোগত কৰি গাঁওবাসীয়ে অক্ষুণ্ণ ৰাখিছে শান্তিৰ ব্ৰত। গাঁওখনৰ পৰিষ্কাৰ পৰিচন্ন আৰু কোলাহলমুক্ত পৰিৱেশে আকৰ্ষণ কৰে বিভিন্ন জনক। গাঁওখনৰ মাজত আছে খামটি লোকসকল উপাসনাস্থলী বৌদ্ধ মন্দিৰ। একমাত্ৰ এই বৌদ্ধ মন্দিৰটোৱেই গাঁওখনৰ শান্তিৰ স্বাক্ষৰ বহন কৰি আহিছে।আমি খামটি সকলৰ উপাসনাস্থলি বৌদ্ধ মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই গৈছিলোঁ৷ এক সুন্দৰ পৰিবেশ৷ বিভিন্ন কৃৰ্তী চিহ্ন নিৰ্মাণ কৰি থোৱা হৈছে ভিতৰ ভাগত৷ চৰাই কোলাহলৰ বাদে শুনিবলৈ পোৱা নাযাই মানৱৰ শব্দ৷ ২০০৩ চনতে “অপৰাধ মুক্ত গাঁও” হিচাপে গাঁওখনে লাভ কৰিছে ৰাষ্ট্ৰীয় মৰ্য্যদা। গাঁওখনৰ এজনো ব্যক্তিৰ বিৰুদ্ধে নাই এটাও গোচৰ। হত্যা হিংসাৰে জৰ্জৰিত কৰা অশান্ত অসমখনত এইসমূহ বৈশিষ্ট্যৰ বাবে বৰখামটি গাঁওখন এতিয়া লখিমপুৰ জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kolkata Case Update: पॉलीग्राफ टेस्ट में Sandeep Ghosh से क्या- क्या सवाल पूछे जाएंगे? | Mamata |TMC
Kolkata Case Update: पॉलीग्राफ टेस्ट में Sandeep Ghosh से क्या- क्या सवाल पूछे जाएंगे? | Mamata |TMC
Vikas Divyakirti ने Virat Kohli और PM Modi का नाम लेकर क्या समझाया? बेटे से करा लिया ये वादा
Vikas Divyakirti ने Virat Kohli और PM Modi का नाम लेकर क्या समझाया? बेटे से करा लिया ये वादा
योग फोर निरोगी बूंदी अभियान से आमजन हो रहे लाभान्वित
योग फोर निरोगी बूंदी अभियान से आमजन हो रहे लाभान्वितबून्दी। जिला कलक्टर अक्षय गोदारा के...
Pakistan Media Reaction On Surya Kumar Yadav Batting | Ind vs HK Asia Cup 2022 Highlights | Today
Pakistan Media Reaction On Surya Kumar Yadav Batting | Ind vs HK Asia Cup 2022 Highlights | Today
देवेंद्र नगर में मोटरसाइकिलों की भिड़ंत में दो लोग घायल
देवेंद्रनगर में मोटर साइकिल की भिड़ंत में दो लोग घायल
देवेंद्रनगर (पन्ना): देवेंद्रनगर इस...