মাজুলীৰ জেংৰাইমুখ বিবেকানন্দ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত বিশ্ব ভাতৃত্ব দিৱস পালন
মাজুলীৰ জেংৰাইমুখ বিবেকানন্দ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত বিশ্ব ভাতৃত্ব দিৱসটি আজি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হষ। বিদ্যালয় খনৰ শিক্ষক উপেন দত্তই আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই। জেংৰাইমুখ বিবেকানন্দ প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ব ভাতৃত্ব দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন বৰাই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী সুভাষ দেৰ লগতে কেইবাজনো গন্যমান্য ব্যক্তিয়ে। অনুষ্ঠানত জেংৰাইমুখ বিবেকানন্দ প্ৰাথমিক বিদ্যালয়ৰ ছাত্র - ছাত্রী সকলে পৰিবেশন কৰা বৰগীত, সমবেত সংগীত, যোগাসন আৰু স্বামী বিবেকানন্দৰ চিকাগো ভাষণে উপস্থিত সকলোকে আপ্লুত কৰে।
 
  
  
   
 