আজি দৰঙত আক্ৰান্ত ১০ জনমঙ্গলদৈ, ১৩ জুলাই : আজিৰ দিনটোত জিলাখনৰ ১০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি।
পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ১২৩ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ৬২ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে ৬১ জন ইতিমধ্যে সুস্থ হৈ উঠিছে।
দৰঙবাসী ৰাইজক সকলো ধৰণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।