বীৰ লাচিত সেনাৰ চাৰি সতীৰ্থক বিনা চৰ্তে মুক্তিৰ দাবী বীৰ লাচিত সেনাৰ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
নতুন বজাৰত নতুন বজাৰ বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতি গঠন।
____________________________
বীৰ লাচিত সেনাৰ আজি মাজুলী নতুন বজাৰত নতুন বজাৰ আঞ্চলিক সমিতি গঠন কৰা হয়।
জিলা সভাপতি বিনোদ দলেৰ সভাপতিতত্বত অনুষ্ঠিত হয় সভা খন।
সভাৰ উদেশ্য ব্যাখ্যা কৰে উপ সভাপতি ৰমেন শইকীয়াই।
বীৰ লাচিত সেনাৰ জিলা মুখ্য সচিব সঞ্জিত অসম বৰাই বীৰ লাচিত সেনাৰ লক্ষ্য উদেশ্য সম্পৰ্কত মন্তব্য আগবঢ়ায়। মন্তব্য আগবঢ়ায় জিলা উপদেষ্টা জনক সেনাপতিয়ে। জিলা সমিতিৰ প্ৰশাসনিক সচিব মনিকান্ত বৰুৱা, জিলা প্ৰচাৰ সচিব দিব্যজ্যোতি নাথ, জিলা সহ সাংগঠনিক সচিব কৃষ্ণ দিহিঙ্গীয়া, মুখ্য প্ৰচাৰ সচিব জয় প্ৰকাশ বৰা, শিক্ষা সচিব ধৰ্ম বেজ , জিলা সাংস্কৃতিক সচিব জিতু বৰুৱা উপস্থিত থাকে।
আজি গঠন কৰা নতুন বজাৰ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে প্ৰণৱ জ্যোতি শইকীয়াক সভাপতি, ৰাজেশ খনিকৰক সচিব, ৰাজু সেনাপতি উপ সভাপতি, দুলাল শইকীয়া সহ সচিব, প্ৰফুল্ল শইকীয়া সাংগঠনিক সচিব হিচাপে লৈ গঠন কৰা হয় নতুন বজাৰ আঞ্চলিক সমিতি ।
আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সমাজ সেৱক ফণীধৰ তাহু, দেৱজিৎ পাতিৰ ডাঙৰীয়া উপস্থিত থাকে বৃক্ষ ৰোপন অনুষ্ঠানত।
উপস্থিত থাকে ৰঞ্জিত অখিল বৰা।
নতুন বজাৰ শঙ্কৰদেৱ শিশু নিকেতনত ছয় জোপা মূল্যবান বৃক্ষ ৰোপন কৰা হয়।
সভাৰ নতুন সমিতিৰ প্ৰস্তাৱ অনুসৰি নয়া বজাৰ পৰিবৰ্তে নতুন বজাৰ নাম সৰ্ব সন্মতি বাবে নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
লগতে গুৱাহাটীত চাৰিগৰাকী কৈ সংগ্ৰামী সতীৰ্থক আৰক্ষীয়ে ভুৱা গোচৰ তৰি জেলত ৰখাৰ কাৰ্য্যক ধিক্কাৰা জনায় বিনা চৰ্ত্ৰে মুক্তিৰ দাবী জনালে।