টিংখাঙৰ টেঙাপানী গাঁৱৰ এজন প্ৰাক্তন শিক্ষকে অৱসৰৰ সময়খিনি সৎ ব্যৱহাৰ কৰি নিজৰ বাৰীতে ৮৪ বিধ বনৌষধি গছ ৰোপন আৰু সংৰক্ষণ কৰিছে । টেঙাপানী গাঁৱৰ সৰুনাথ গগৈ নামৰ ৮২ বছৰীয়া প্ৰাক্তন শিক্ষক গৰাকীয়ে নিজৰ ঘৰৰ বাৰীতে ৰোপন কৰিছে এই বনৌষধি গছ সমূহ । ২০০২ চনত টেঙাপানী জনজাতি এম ই স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰি প্ৰাক্তন শিক্ষক গৰাকীয়ে মানুহৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পৰা ঔষধি গছ সমূহ ৰোপন কৰে । নিজৰ বাৰীৰ প্ৰায় চাৰে তিনি বিঘা মাটিত এই গছ সমূহ ৰোপন কৰি সমগ্ৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে । বনৌষধি গছ বিচাৰি বহু লোকে এতিয়া সৰুনাথ গগৈৰ ওচৰলৈ আহে । এই ঔষধি গছ সমূহ ব্যৱহাৰ কৰি বহুজনে আৰোগ্যও লাভ কৰিছে । প্ৰাক্তন শিক্ষক গৰাকীয়ে কোনো ধৰণৰ মাননি নোলোৱাকৈ ৰাইজক ঔষধত ব্যৱহাৰ কৰা গছ সমূহ দিয়ে । প্ৰাক্তন শিক্ষক গৰাকীৰ এই কৰ্মৰাজিক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाराणसी की टेंट सिटी.... एक रात का किराया 15 से 29 हजार रुपये, मांस-शराब बैन
पीएम नरेंद्र मोदी द्वारा टेंट सिटी का उद्घाटन करने के बाद यहां 15 जनवरी से पर्यटकों के आने का...
આમ આદમી પાર્ટીના ઉમેદવાર તરીકે મુકેશ ઠક્કરના નામની જાહેરાત
આમ આદમી પાર્ટીના ઉમેદવાર તરીકે મુકેશ ઠક્કરના નામની જાહેરાત
ಉಪಮುಖ್ಯಮಂತ್ರಿ ಡಿಕೆ ಶಿವಕುಮಾರ್ ಅವರಿಗೆ "ಮೈಸೂರು ದಸರಾ ಮಹೋತ್ಸವ"ಕ್ಕೆ ಬರಲು ಅಧಿಕೃತ ಆಹ್ವಾನ ನೀಡಲಾಯಿತು.
ಉಪಮುಖ್ಯಮಂತ್ರಿ ಡಿಕೆ ಶಿವಕುಮಾರ್ ಅವರಿಗೆ ಮೈಸೂರು ದಸರಾ ಮಹೋತ್ಸವಕ್ಕೆ ಬರಲು ಅಧಿಕೃತ ಆಹ್ವಾನ ನೀಡಲಾಯಿತು. ಮೈಸೂರು...