কামৰূপ মেট্ৰ' জিলাৰ সোণাপুৰৰ যোগদলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে এগৰাকী বৃদ্ধ মহিলা।

হোজাইৰ পৰা গুৱাহাটী অভিমুখে আহি থকা তীব্ৰ বেগী As02q 1660 নম্বৰৰ ফৰচুনাৰ বাহনৰ খুন্দাত নিহত হয় বৃদ্ধা গৰাকী।

বাহনখনে প্ৰায় ২০ মিটাৰলৈ মহতিয়াই লৈ যায় মহিলা গৰাকীক। 

ঘটনাস্থলত সোণাপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।