পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন (Autumn Session of Assam Assembly) আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জীত আজি চৰকাৰী কাৰ্যসূচী অনুসৰি মৃত্যু প্রসংগ, প্রশ্ন শিতানৰ লগতে অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

ইয়াৰ লগতে থাকিব অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন সূচী।

১৩ ছেপ্টেম্বৰ, মঙলবাৰে বেচৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদ্যসৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি।

১৪ ছেপ্টেম্বৰ, বুধবাৰ চৰকাৰী বন্ধ। ১৫ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে চৰকাৰী কাৰ্যসূচীত থাকিব প্রশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন (নং III) বিধেয়কসমূহ উপস্থাপন, বিবেচনা তথা পাৰিতকৰণ।

১৬ ছেপ্টেম্বৰ, শুক্ৰবাৰে চৰকাৰী কাৰ্যসূচীত আছে প্রশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আদি।