লালুক,১২ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ হাৰমতী বজাত আজি পুৱতি নিশা প্ৰায় ৩-৩০বজাত বজাৰৰ মাছ বজাৰ লাইনত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ভয়ানক অগ্নিকাণ্ডত মাছ বজাৰৰ ৩৫ খনকৈ বিভিন্ন সামগ্ৰীৰ দোকান ভষ্মীভূত হয়৷অৰুণাচলৰ ৰাজধানী ইটানগৰ,নাহৰলগুন,নিৰজুলি,দুইমুখ,ছাগালী,জিৰ,কিমিন আদিৰ ব্যৱসায়ৰ প্ৰাণ কেন্দ্ৰ আছিল হাৰমতী বজাৰ।অগ্নি কাণ্ড সংঘটিত হোৱাৰ উৎস সম্প্ৰতি জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হোৱাৰ সন্দেহ ব্যৱসায়ী তথা ৰাইজৰ৷

হাৰমতী আৰক্ষী চকীৰ আৰক্ষীয়ে নৈশ তহলদাৰী দলে দেখা পাই ফাইয়াৰ বিগ্ৰেডক খৱৰ দিয়াত বিহপুৰীয়া,নাৰায়ণপুৰ,লখিমপুৰৰ পৰা চাৰিখন গাড়ীৰে জুই নুমাবলৈ চেষ্টা কৰে।

তিনিঘণ্টা চেষ্টাৰ ফলত জুই নুমাবলৈ সক্ষম হয়৷ গেলামাল,মাছ,মাংস,শাকপাছলি,হোটেল,পান ঘুমটি আদিৰ প্ৰায় ৩৫খন দোকানৰ অনুমানিক ৪কোটি টকাৰ ক্ষয় ক্ষতি হৈছে বুলি জানিব পৰা গৈছে৷