ছ’চিয়েল মিডিয়া ৱেইব’ত চীনা সেনাৰ ‘যুদ্ধৰ প্ৰস্তুতি’ৰ বিষয়ে কৰা এটা গ্ৰুপ পোষ্টৰ বাবে লাখ লাখ লোকে সমৰ্থন প্ৰকাশ কৰিছে। শেহতীয়াকৈ বেইজিঙে টাইৱান বিষয়টোক লৈ ৱাশ্বিংটনক লৰচৰ নকৰিবলৈ সকীয়াই দিছে যদিও চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ প্ৰতিষ্ঠা বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হ’বলগীয়া অনুশীলনৰ বিষয়ে এই পোষ্টটো কৰা হৈছে বুলি অনুমান কৰা হৈছে। ৰাছিয়াৰ সংবাদ মাধ্যমে চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছৰ উদ্ধৃতি দি ৰাছিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

◾শুকুৰবাৰে যুদ্ধৰ প্ৰস্তুতিৰ বিষয়ে ৱেইব’ত পোষ্টটো প্ৰকাশ পোৱাৰ কিছু সময়ৰ পিছতে ৩ লাখ সঁহাৰি আহিছিল। এইবোৰ সঁহাৰি পোষ্টটোৰ সমৰ্থনত দিয়া হৈছে। গ্ল’বেল টাইমছেও প্ৰকাশ কৰিছে যে ২০ হাজাৰ লোকে এই পোষ্টটোৰ সমৰ্থনত মন্তব্য কৰিছে।

◾চীনা ভাষাত এই পোষ্টটোৰ অৰ্থ হৈছে ‘যুদ্ধৰ বাবে সাজু’ বুলি গ্ল’বেল টাইমছত প্ৰকাশ পাইছে। কিন্তু গ্ল’বেল টাইমছৰ মতে, পোষ্টটোৰ সঠিক অনুবাদ হ’ব ‘যুদ্ধৰ বাবে প্ৰস্তুতি’।

◾ইফালে শেহতীয়াকৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক টাইৱানৰ বিষয়টোক লৈ ‘জুইৰ সৈতে খেলা’ৰ বিৰুদ্ধে সকীয়াই দি কয় যে যিসকলে জুইৰ সৈতে খেলা তেওঁলোকে কেৱল জ্বলিব। আশাকৰোঁ আমেৰিকাই সেই কথা স্পষ্টকৈ বুজি পাব।

◾চীনৰ চৰকাৰী সংবাদ মাধ্যমে দুয়োগৰাকী নেতাৰ মাজত হোৱা কথোপকথনৰ সবিশেষ প্ৰকাশ কৰি কয় যে ছি জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতিক কৈছিল যে আমেৰিকাই ‘এক চীন নীতি’ মানি চলিব লাগে। ছিয়ে পুনৰ কয় যে চীনে টাইৱানৰ স্বাধীনতাৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু টাইৱানত কোনো ধৰণৰ বিদেশী হস্তক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোকে ইচ্ছুক নহয়।

◾এই দীঘলীয়া ভিডিঅ’ কনফাৰেন্সত দুয়োগৰাকী নেতাই মূলতঃ টাইৱান সমস্যা আৰু দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ে আলোচনা কৰে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

◾ইতিহাসৰ যিকোনো সময়তকৈ বৰ্তমান চীন আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক টান হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ নিয়মীয়াকৈ ফোন কল হৈ আছে।