মংগলবাৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে উদ্বোধন কৰি ৰাইজলৈ উচৰ্গা কৰা নলবাৰী তাৰকাগৃহৰ সময় আৰু ভাষাৰ সূচী সমূহ আজি প্ৰচাৰৰ বাবে প্ৰকাশ কৰিছে৷
সূচী অনুযায়ী অসমীয়া ভাষাৰ প্ৰদৰ্শনীৰ সময় - ৰাতিপুৱা ১১-৩০ বজা আৰু আবেলি ৪-০০ বজা৷
ইংৰাজী ভাষাত প্ৰদৰ্শনীৰ সময় সূচী-দুপৰীয়া ২-০০ বজা৷
৷ব্যৱস্থাপনাৰ বাবে প্ৰতি সোমবাৰে নলবাৰী তাৰকাগৃহ প্ৰদৰ্শনীৰ বাবে বন্ধ থাকিব৷
প্ৰতিটো দৰ্শনীত সৰ্বাধিক আসনৰ সংখ্যা=৬০
প্ৰতিটো দৰ্শনীৰ ১৫ মিনিট আগতে নিৰ্ধাৰিত কাউন্টাৰত সেই প্ৰদৰ্শনীৰ প্ৰবেশ পত্ৰ দিয়া হব৷
এজন ব্যক্তিৰ বাবে আবন্টিত প্ৰতিটো প্ৰবেশ পত্ৰৰ দাম ৫০/=টকা হব৷
শিক্ষানুষ্ঠানৰ মুৰব্বীৰ স্বাক্ষৰ সন্বলিত পত্ৰ বা বিদ্যাৰ্থীৰ পৰিচয় পত্ৰ প্ৰদৰ্শনৰে ৰেহাই দামত মাত্ৰ ৩০/= টকাত প্ৰবেশ পত্ৰ ক্ৰয় কৰিব পাৰিব৷