গোলাঘাটত বিশ্ব ভাতৃত্ব দিৱস পালন। গোলাঘাট বিবেকানন্দ কেন্দ্ৰৰ উদ্যোগত গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি পালন কৰা হয় বিশ্ব ভাতৃত্ব দিৱস। মহান মণিষী স্বামী বিবেকানন্দ ই ১৮৯৩ খ্ৰীষ্টাব্দত চিকাগোৰ ঐতিহাসিক বিশ্ব ধৰ্ম সংসদত আজিৰ দিনটোতে প্ৰখ্যাত ভাষণটো আগবঢ়াইছিল৷ সেয়েহে আজিৰ দিনটো বিশ্ব ভাতৃত্ব দিৱস হিচাপে পালন কৰা হয়৷
পুৱা দিৱসৰ লগত সংগতি ৰাখি সামুহীক প্ৰভাত ফেৰী বাহিৰ কৰে। গোলাঘাটস্থ ১৪২ নং চিআৰপিএফ বেতিলিয়নৰ কামাণ্ডেণ্ট ভৰত কুমাৰ বৈষ্ণৱে উদ্বোধন কৰা সামুহীক প্ৰভাত ফেৰী নগৰখন পৰিভ্ৰমণ কৰে। ইয়াৰ পিছতেই বিখ্যাত চিকগোৰ প্ৰখ্যাত ভাষণৰ বিশেষত্বৰ সম্পৰ্কে এখনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সমল ব্যক্তিৰূপে উপস্থিত থাকে কন্যাকুমাৰী বিবেকানন্দ কেন্দ্ৰ , অসম প্ৰান্তৰ সংগঠক মীৰা কুলকৰ্ণী।
সভাত বিবেকানন্দ কেন্দ্ৰৰ সহকাৰী সঞ্চালক ভাস্কৰ কাকতি, নগৰ প্ৰমুখ অঞ্জলী বুঢ়াগোহাঁই, বিভাগৰ সহকাৰী সঞ্চালক ডাঃ অনন্ত বৰুৱা, সম্পৰ্ক প্ৰমুখ বাণী হাজৰিকা, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ অচিন্ত্য গোস্বামী, ১৪২ নং চিআৰপিএফ বেতিলিয়নৰ সহকাৰী কামাণ্ডেণ্ট সতীশ ভৰদ্বাজ আদি উপস্থিত থাকে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं