মেৰাপানী বজাৰ কমিটীৰ উদ্যোগত মেৰাপানী অট সন্থাৰ সহযোগত চাফাই অভিযান।

মেৰাপানী ১১ চেপ্তেম্বৰ মেৰাপানী বজাৰ কমিটীৰ মেৰাপানী অট চালক সন্থাৰ সহযোগত মেৰাপানী টাউনৰ মাজ মজিয়াত চৰকাৰী কাৰ্যালয় বে-চৰকাৰী কাৰ্যালয়ত আজি চাফাই অভিযান কৰে চাফাই অভিযানৰ প্ৰাক মুহূৰ্তত মেৰাপানী বজাৰ কমিটীৰ সভাপতি বুবু বৰাই কয় যে স্বাস্থ্য সাৰীৰিক মানসিক আৰু অৰ্থনৈতিক ভাৱে আমি ব্যৱসায়িক সকলে স্বাভলম্বী হ'বলৈ হ'লে আমি চাফ চিকুন কৰি আমাৰ বজাৰ খন অনুস্থান সমূহত পৰিস্কাৰ পৰিচন্নতা কৰি ৰাখিব লাগিব। উল্লেখ্য যে আজি প্ৰায় ১৫০ খন অট গাড়ী সন্থাই সহযোগ কৰি কলেজ, আৰক্ষী থানা, আৰু লগতে মেৰাপানী সমূহীয়া চিকিৎসালয়ত জুতিয়া ভাৱে চাফাই অভিযান কৰাত মেৰাপানী বজাৰ কমিটীৰ ফালৰ পৰা সকলো ব্যৱসায়িক চাফ চিকুন কৰি থাকিবলৈ মেৰাপানী টাউনৰ ব্যৱসায়িক আহ্বান জনায়। আনফালে আমাক জানিবলৈ দিয়ে যে মেৰাপানী অট সন্থাৰ সভাপতি মন দত্তই কয় যে প্ৰত্যেক মাহে অট সন্থাৰ ফালৰ পৰা মেৰাপানী টাউনৰ মাজ মজিয়াত কোনো জালৰ জোঠৰ নহয় তাৰ বাবে এই সন্থাই চাফাই অভিযানৰ কাম অব্যাহত ৰাখিব লগতে স্বচ্ছতা আৰু নিকা সমাজ গঢ় দিবলৈ হ'লে এই সন্থাই বিগত বছৰৰ দৰে এইবাৰো বিকলংগ সকলক আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়াব।