মাজুলীত শিশু খাদ্যৰ নামত বৰবিহ : খাদ্য আৰু অসামৰিক যোগান বিভাগে অংগনাবাড়ী কেন্দ্ৰলৈ প্ৰেৰণ কৰা চাউলত পোক তীব্ৰ প্ৰতিক্ৰিয়া : চাউল নিবলৈ অস্বীকাৰ অংগনাবাড়ী কৰ্মীৰ 

- মাজুলী জিলাৰ উজনিমাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত

জেংৰাই সমবায়লৈ খাদ্য আৰু অসামৰিক যোগান বিভাগে শিশু খাদ্যৰ বাবে প্ৰেৰণ কৰা চাউলত আজি পোক উলোৱাক লৈ ফুলনি চাৰিআলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বৰ্তমান সমগ্ৰ ৰাজ্যতে ১ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাষ্ট্রীয় পোষণ মাহ সমাজ কৈল্যাণ বিভাগে শিশু আৰু মাতৃ সকলক পুষ্টিহীনতাৰ পৰা দুৰিকৰণৰ বাবে সজাগতাৰ কাৰ্যসূচী চলাই থকাৰ সময়তে উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প ৰ অধিনৰ জেংৰাইমুখ , ফুলনি , ৰঙাচাহী আৰু শ্ৰীৰাম গাঁও পঞ্চায়তৰ অধিনৰ ১৪২ টা অগংনাবাদী কেন্দ্ৰৰ ২২৮৯ গৰাকী শিশু আৰু মাতৃ লৈ অহা B12 যুক্ত ভিটামিন থকা প্ৰায় ১৯০ কুন্টেল চাউল ত ওলাইছে সৰু সৰু ক'লা পোক। খাদ্য আৰু অসামৰিক বিভাগে পঁচা আৰু পোক লগা চাউল প্ৰেৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উজনি মাজুলীত ৷ পোক থকা চাউল লবলৈ অস্বীকাৰ কৰিছে অংগনা বাদী কৰ্মী সকলে। জেংৰাই সমবায় ত সংঘটিত হোৱা এই ঘটনাই এতিয়া চিন্তাত পেলাইছে অগনাবাদী কৰ্মী সকলক ৷উল্লেখ যে যি সময়ত চৰকাৰ খনে শিশু সকলক পুষ্টিকৰ খাদ্য ৰ বাবে যাবতীয় ব্যবস্থা গ্ৰহণ কৰা নিজা ঘৰত পুষ্টি বাগিচা প্ৰস্তুত কৰা ,গ্ৰাম্য স্বাস্থ্য ,শিশু স্বাস্থ্য সুৰক্ষা কৰা, গৰ্ভাৱতী মাতৃ স্বাস্থ্য ৰ যতন লোৱা ক্ষেত্ৰত অসম চৰকাৰ বিয়াগোম সমাজ কল্যান বিভাগে ন ন আঁচনি গ্ৰহণ কৰিছে । শিশু মৃত্য হাৰ, মাতৃ মৃত্য হাৰ কমাবৰ বাবে অংগনাবাদী কৰ্মী সকলৰ জড়িয়তে সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰিছে তেনে সময়ত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দৰে এটা চৰকাৰী এজেন্সিইয়ে শিশু আৰু মাতৃ সকলৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক উজনি মাজুলী সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উচিত তদন্তৰ দাবী কৰিছে । আনহাতে সমবায় খনৰ অন্তৰ্গত দুখনকৈ পঞ্চায়ত কেন্দ্ৰ সমূহে চাউল নিয়া পাছত আজি স্থানীয় ফুলনী অঞ্চলৰ কেন্দ্ৰ সমূহে চাউল নিবলৈ অহা পাছত চাউলৰ একাংশ বস্তাত পোক ওলোৱা ত অংগনাবাদী কৰ্মী সকলে চাউল নিবলৈ অস্বীকাৰ কৰি উজনি মাজুলী ৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া গৰাকীক যোগাযোগ কৰাত বিষয়া গৰাকীয়ে স্বাস্থ্যৰ বাবে হানিকাৰক চাউল সমূহ নিবৰ বাবে বাধা দিয়ে আমাক জানিবলৈ দিয়ে। সমবায় সমিতিৰ সম্পাদক গৰাকীয়ে সাংবাদিকৰ আগত এই চাউল সমূহ যোৱা ১ ছেপ্টেম্বৰত সমবায়লৈ অনা বুলি মন্তব্য কৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গুদামত বহু দিন পৰি থকা চাউল হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ইফালে স্থানীয় ৰাইজে এই সমগ্ৰ ঘটনাটো সমবায় ক দোষ দিয়াৰ বিপৰীতে অসামৰিক খাদ্য যোগান বিভাগক দোষাৰোপ কৰি মন্তব্য প্ৰদান কৰে।