ধেমাজি ৰ চিচিবৰগাৱত আম আদমী পাৰ্টিৰ সমিতি গঠন, সজাগতা মূলক সভা ও যোগদান কাৰ্যসূচী

ধেমাজি জিলাৰ চিচিবৰগাঁৱত আজি আপ আদমী পাৰ্টীৰ এখন সভা অনুষ্ঠিত হৈ যায় । চৌখামটিং স্হিত সাধনী ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখনিৰ সভাপতিত্ব আগবঢ়াই জিলাৰ সভাপতি ডেভিড টায়ে। জিলাসমিতিৰ মনোৰঞ্জন বৈশ্য,ডেভিদ টাই , আদি কৰি বিভিন্নজন বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনত চিচিবৰগাও অঞ্চলৰ বহু কেইগৰাকীমান ব্যক্তিয়ে আজি আনুষ্ঠানিক ভাৱে আপ আদমী পাৰ্টিত অংশগ্ৰহণ ও কৰে ।ইফালে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ প্ৰতিখন পঞ্চায়তত সমিতি গঠনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি চিচিবৰগাও পঞ্চায়তটো আপ আদমী পাৰ্টীৰ পঞ্চায়ত সমিতি খন গঠন কৰে ।অনিমেশ শইকীয়াক সভাপতি আৰু দীপ জ্যোতি বৰাক সম্পাদক হিচাপে লৈ গঠন কৰে প্ৰায় ২০ -২৫ জনীয়া এখন সমিতি। ইফালে চিচিবৰগাও পঞ্চায়তৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰা এই সভাত বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পোৱা মূল্যবৃদ্ধি,দুৰ্নীতি, আদিৰ দিশত সমালোচনা মূলক বক্তব্য ৰাখে আম আদমী পাৰ্টিৰ অতুল বৰগোহাঞি, ডেভিদ টাই আদি কৰি বিভিন্ন জন বিষয়ববীয়ায়ে। তেওলোকে উল্লেখ কৰে যে, চৰকাৰে ঘোষণা কৰি অহা "আচ্চা " দিনৰ বিপৰীতে বৰ্তমানে জনসাধাৰণে ভোগি আহিব লগা বিভিন্ন মাধমাৰবোৰ,বেয়া দিনবোৰহে জনসাধাৰণৰ জীৱন যাত্ৰাত চামিল হৈ পৰিছে ।