চাওলুং চ্যুকাফা মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা তাই ৰাজ্য মিং মাণ্ডৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। ১২২৮ খ্ৰীষ্টাব্দৰ পৰা চ্যুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে আহোম সাম্ৰাজ্যৰ ভেটি প্রতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বসবাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে । সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চ্যুকাফাৰ অৱদান সৰ্বস্ব। চাওলুং চ্যুকাফা হ'ল যথার্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক। আজি বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসম ; ঢকুৱাখনাই ঢকুৱাখনাৰ সমগ্ৰ আহোমক একত্ৰিত কৰি স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে তাই বিকাশ কেন্দ্ৰৰ প্ৰাংগনত চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ লিটুল বুঢ়াগোহাঁইয়ে এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ৷ ইপিনে আধাৰশিলা স্থাপন কৰিয়েই সংবাদমাধ্যমৰ হৈতেঁ হোৱা সাক্ষাৎকাৰত বুঢ়াগোহাঁইয়ে চ্যুকাফা আদৰ্শৰে আমি সকলোৱে মিলি আমাৰ দৃঢ় সংকল্প আৰু সামূহিক পুৰুষাৰ্থৰ দ্বাৰা পুনৰ সেই সমৃদ্ধিশালী অসম নিৰ্মাণ কৰা আৱশ্যক। স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি নির্মাণেৰে ঢকুৱাখনাত পুনৰ আহোমৰ স্বাভিমান প্রতিষ্ঠা হ'ব আৰু নতুন প্ৰজন্মৰ বাবে আদৰণীয় হ'ব। লগতে তেওঁ কয় যে স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত ঢকুৱাখনাত টাই আহোমৰ পুজিৰ পৰা টাই আহোম উন্নয়ন পৰিষদে এই স্থানত ৩০-৪০ লাখ টকাৰে এখন আটক ধুনীয়া টাই ভাষাৰ বিদ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লব ৷ অহা ২ ডিচেম্বৰ, ২০২২ তাৰিখৰ 'অসম দিৱস'ত এই প্ৰতিমূৰ্তিটি শুভ উদ্বোধন কৰিব আৰু এই প্ৰতিমূৰ্ত্তি অনুষ্ঠানত ঢকুৱাখনাৰ লগতে বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mayor ની ઉપસ્થિતિ મા Garba Competition-2022 નો પ્રારંભ
Mayor ની ઉપસ્થિતિ મા Garba Competition-2022 નો પ્રારંભ
કઠલાલ કાણીયેલ ખાતે તાલુકા કક્ષાના સહિત સમગ્ર પંથકમાં સ્વાતંત્ર્ય દિનની ઉત્સાહપૂર્વક ઉજવણી
કઠલાલ કાણીયેલ ખાતે તાલુકા કક્ષાના સહિત સમગ્ર પંથકમાં સ્વાતંત્ર્ય દિનની ઉત્સાહપૂર્વક ઉજવણી
જસ્ટિસ યુ યુ લલિતે 49માં ચીફ જસ્ટિસ તરીકે શપથ લીધા
જસ્ટિસ ઉદય ઉમેશ લલિતે શનિવારે ભારતના 49મા મુખ્ય ન્યાયાધીશ તરીકે શપથ લીધા હતા. રાષ્ટ્રપતિ દ્રૌપદી...
પાલ-દઢવાવગામમા આજે 2 ઓક્ટોબર ગાંધીજયતિ દિન નિમિત્તે 1200 આદિવાસી ભાઈ-બહેનોને શહીદ સ્મારકોને શ્
પાલ-દઢવાવગામમા આજે 2 ઓક્ટોબર ગાંધીજયતિ દિન નિમિત્તે 1200 આદિવાસી ભાઈ-બહેનોને શહીદ સ્મારકોને શ્