চাওলুং চ্যুকাফা মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা তাই ৰাজ্য মিং মাণ্ডৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। ১২২৮ খ্ৰীষ্টাব্দৰ পৰা চ্যুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে আহোম সাম্ৰাজ্যৰ ভেটি প্রতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বসবাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে । সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চ্যুকাফাৰ অৱদান সৰ্বস্ব। চাওলুং চ্যুকাফা হ'ল যথার্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক। আজি বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসম ; ঢকুৱাখনাই ঢকুৱাখনাৰ সমগ্ৰ আহোমক একত্ৰিত কৰি স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে তাই বিকাশ কেন্দ্ৰৰ প্ৰাংগনত চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ লিটুল বুঢ়াগোহাঁইয়ে এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ৷ ইপিনে আধাৰশিলা স্থাপন কৰিয়েই সংবাদমাধ্যমৰ হৈতেঁ হোৱা সাক্ষাৎকাৰত বুঢ়াগোহাঁইয়ে চ্যুকাফা আদৰ্শৰে আমি সকলোৱে মিলি আমাৰ দৃঢ় সংকল্প আৰু সামূহিক পুৰুষাৰ্থৰ দ্বাৰা পুনৰ সেই সমৃদ্ধিশালী অসম নিৰ্মাণ কৰা আৱশ্যক। স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি নির্মাণেৰে ঢকুৱাখনাত পুনৰ আহোমৰ স্বাভিমান প্রতিষ্ঠা হ'ব আৰু নতুন প্ৰজন্মৰ বাবে আদৰণীয় হ'ব। লগতে তেওঁ কয় যে স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত ঢকুৱাখনাত টাই আহোমৰ পুজিৰ পৰা টাই আহোম উন্নয়ন পৰিষদে এই স্থানত ৩০-৪০ লাখ টকাৰে এখন আটক ধুনীয়া টাই ভাষাৰ বিদ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লব ৷ অহা ২ ডিচেম্বৰ, ২০২২ তাৰিখৰ 'অসম দিৱস'ত এই প্ৰতিমূৰ্তিটি শুভ উদ্বোধন কৰিব আৰু এই প্ৰতিমূৰ্ত্তি অনুষ্ঠানত ঢকুৱাখনাৰ লগতে বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
साबरकांठा : विवेकानंद मिशन जीवाकोरबा इंग्लिश स्कूल में बड़ी धूमधाम से कृष्ण जन्मोत्सव मनाया गया।
साबरकांठा : विवेकानंद मिशन जीवाकोरबा इंग्लिश स्कूल में बड़ी धूमधाम से कृष्ण जन्मोत्सव मनाया गया।
कुछ देर में Skoda Kylaq के वेरिएंट्स और कीमतों की होगी घोषणा, Venue, Brezza, Sonet, Nexon को मिलेगी कड़ी चुनौती
चेक रिपब्लिक की वाहन निर्माता Skoda की ओर से भारतीय बाजार में कई बेहतरीन वाहनों की बिक्री की...
વરણ ગામે આપની મિટિંગ યોજાઈ
ડીસા તાલુકાના વરણ ગામે ડીસા વિધાનસભાના આમ આદમી પાર્ટીના ઉમેદવારના અધ્યક્ષસ્થાને ગ્રામજનો સાથે...
GOLAGHAT BREAKING.......................CPI PROTEST সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বিৰুদ্ধে
GOLAGHAT BREAKING.......................CPI PROTEST সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বিৰুদ্ধে