শৈক্ষিক ক্ষেত্ৰখনত যুদ্ধ জয়ৰ দৰে সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি মেধাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈ অহা গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত গমিৰিৰ মেৱাবী ছাত্র ঋষভ চন্থলীয়াই JEE advanced ত উত্তীৰ্ণ হৈ আই আই টিত নামভৰ্তিৰ সুযোগ লাভ কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে।উক্ত পৰীক্ষাত প্ৰথম বাৰতেই JEE advanced ত যোগ্য বিবেচিত হোৱা ঋষভ চন্থলীয়াৰ CRL rank 5517.উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা ৯৫.৫ শতাংশ নম্বৰ লাভ কৰি কৃৰ্তিত্ব অৰ্জন কৰা ঋষভ চন্থলীয়াই উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বিজ্ঞান শাখাত কটন বিশ্ববিদ্যালয়ৰ পৰা ৯০.৮ শতাংশ নম্বৰ লাভ কৰি কৃৰ্তিত্ব অৰ্জন কৰিছিল।তেওঁ গমিৰিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উদয় চন্থলীয়া আৰু আচল চন্থলীয়াৰ সুযোগ্য পুত্ৰ।ৰিষবৰ এই ধাৰাবাহিক সফলতাত যথেষ্ট আনন্দ প্ৰকাশ কৰিছে তেওঁৰ পিতৃ-মাতৃ,পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে।JEE advanced ত উত্তীৰ্ণ হৈ IIT ত নামভৰ্ত্তিৰ সুযোগ পোৱা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰাক্তন ছাত্র ঋষভৰ এই সাফল্যত যথেষ্ট আনন্দ প্ৰকাশ কৰি তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী বৃন্দই।