KHUMTAI 

11-09-2022

Slug : KHUMTAI KARAM PUJA 

Anchor : চাহ অধ্যুষিত অঞ্চলত বৰ্তমানো ম্লান পৰা নাই কৰম পূজাৰ আনন্দ । চাহ জনগোষ্ঠীৰ লোকসকলে ভাদ মাহৰ শুক্লা একাদশীৰ পৰা উলহ-মালহেৰে উদযাপন কৰিছে হেঁপাহৰ উৎসৱটি । খুমটাইৰ বাগিচা অঞ্চলত বৰ্তমানো দেখা গৈছে কৰম পূজাৰ আনন্দ উল্লাস ৷ খুমটাইৰ গৰঙা চাহ বাগিচাৰ খেলপথাৰত আটছাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে আয়োজন কৰিছে কৰম পূজা । গৰঙা চাহ বাগিচাৰ লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা কৰম পূজাত ওৰে নিশা ঝুমুৰ নাচি মতলীয়া হৈছে ডেকা-গাভৰুসকল । পৰম্পৰাগত নীতি নিময়েৰে পূজা সম্পন্ন কৰাৰ পিছতেই বৃহত্তৰ অঞ্চলটোৰ শ শ পুৰুষ-মহিলাই অংশ ললে ঝুমুৰত ৷ মাদলৰ তালে তালে ঝুমুৰৰ সুমধুৰ সুৰত মুখৰিত হ’ল গৰঙাৰ আকাশ-বতাহ ৷ শাওঁতলী,গৰঙাকে ধৰি সমীপৱৰ্তী কেইবাখনো বাগিচাৰ লোকে ভিৰ কৰিলেহি কৰম পৰৱৰ স্থলীত ৷

Byte:- উদ্যোক্তা

Byte:- বাগিচাৰ পৰিচালক