অ’ এন জি চিত ঠিকা দিয়াৰ নামত ৭০ লাখ টকা লুট

 প্ৰৱঞ্চক বিৰাজ কলিতাক গ্ৰেপ্তাৰ চৰাইদেউ আৰক্ষীৰ

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত প্ৰৱঞ্চনাৰ জাল পেলাই প্ৰায় ৭০ লাখ সংগ্ৰহ কৰি উধাও হোৱা শিৱসাগৰ জিলাৰ হালোৱাটিঙৰ এটা প্ৰৱঞ্চকক আজি চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ জানিব পৰা মতে, বিৰাজ কলিতা নামৰ এটা প্ৰৱঞ্চকে আজিৰ পৰা তিনি-চাৰি বছৰ পূৰ্বে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে সাপেখাতী, মাহমৰা আদি অঞ্চলৰ বহু সংখ্যক লোকৰ পৰা অ’ এন জি চি’ত ঠিকা দিয়া, চৰকাৰী চাকৰি দিয়া আৰু বহুতো টোপ দেখুৱাই বিভিন্ন লোকৰ পৰা প্ৰায় ৭০ লাখ টকা সংগ্ৰহ কৰে৷ সোণাৰিৰ এটি ভাড়াঘৰত থাকি প্ৰৱঞ্চক বিৰাজ কলিতাই নিজকে অ’ এন জি চিৰ এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ বুলি পৰিচয় দি সোণাৰিৰ বিভিন্ন লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰি প্ৰৱঞ্চনাৰ জাল পেলাইছিল৷ চাকৰিয়াল, ব্যৱসায়ীৰ পৰা আদি কৰি গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা সাধাৰণ গোৱাললৈকে সকলোকে প্ৰৱঞ্চনাৰ জালত পেলাই প্ৰায় ৭০ লাখ সংগ্ৰহ কৰিছিল প্ৰৱঞ্চক বিৰাজ কলিতাই৷ সোণাৰিৰ মুজাহিদ আহমেদ নামৰ ম’বাইল ফোনৰ ব্যৱসায়ীজনৰ পৰা একলাখ টকাৰ ম’বাইল বাকীত ক্ৰয় কৰি বাকী পৰিশোধ নকৰাৰ লগতে অ’ এন জি চিত ঠিকা দিয়াৰ নামত উপৰিঞ্চি তিনি লাখ টকা সৰকাইছিল৷ ঠিক সেইদৰে মাহমৰাৰ কাকতীবাৰীৰ হেমন্ত সাধনিদাৰ নামৰ ব্যক্তিজনৰ পৰাও অ’ এন জি চিত ঠিকা কাম দিয়াৰ বাবদ কেইবালাখ টকাৰ আগধন লৈছিল৷ এনেদৰে প্ৰৱঞ্চনাৰ জাল পেলাই ৭০ লক্ষাধিক টকা সংগ্ৰহ কৰাৰ পৰৱৰ্তী সময়ত চাকৰি, ঠিকা-ঠুকলিৰ আশাত টকা দিয়া লোকসকলে চাকৰি বা ঠিকা-ঠুকলি লাভ নকৰাত টকা ওভতাই বিচাৰি প্ৰৱঞ্চকটোৰ সৈতে যোগাযোগ কৰে যদিও টকা ওভতাই দিয়াৰ সলনি প্ৰৱঞ্চকটোৱে টকা বিচাৰি গ’লেই ভাবুকি প্ৰদান কৰে৷ প্ৰৱঞ্চকটোৰ এনে কৰ্ম-কাণ্ডত ক্ষোভিত হৈ ২০১৮ বৰ্ষতে মাহমৰাৰ হেমন্ত সাধনিদাৰ আৰু সোণাৰিৰ মুজাহিদ আহমেদ নামৰ ব্যৱসায়ীগৰাকীয়ে বিৰাজ কলিতাৰ বিৰুদ্ধে সোণাৰি থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিৰাজ কলিতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল যদিও পলাতক অৱস্থাত হৈ আছিল প্ৰৱঞ্চক বিৰাজ কলিতা৷ আনহাতে, কালি সোণাৰি আৰক্ষীয়ে শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত হালোৱাটিঙৰ নিজ বাসগৃহৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক বিৰাজক৷