নামনি মাজুলীৰ বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা পঞ্চমী দাসৰ মৃত্যু :

   মাজুলী জিলাৰ নামনি মাজুলীৰ কাকৰিকটা গাঁৱৰ বাসিন্দা, বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা পঞ্চমী দাসৰ আজি পুৱা গুৱাহাটীৰ হেলথ কেয়াৰ হস্পিতেলত মৃত্যু হয় । নামনি মাজুলীৰ কাকৰিকটা অঞ্চলৰ আগশাৰীৰ মহিলা , অঞ্চলটোৰ নামতী পঞ্চমী দাস যোৱা কেইদিনমান গল্ডব্লাডাৰত আক্ৰান্ত হৈ অসুস্থ হৈ আছিল । সৰবৰহী মহিলা গৰাকীক পৰিয়ালৰ লোকে প্ৰথমে মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত চিকিৎসা কৰিছিল । কিন্তু মাজুলীত সুস্থ নোহোৱাত যোৱা ৮ ছেপ্টেম্বৰত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল যদিও পাছত উন্নত চিকিৎসাৰ বাবে কালি ৯ ছেপ্টেম্বৰত গুৱাহাটীৰ হেলথ কেয়াৰ হস্পিতেলত ভৰ্তি কৰিছিল । কিন্তু, আজি পুৱা চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় সত্তৰ বছৰ । মৃত্যুৰ সময়ত তেওঁ চাৰিজন পুত্ৰ, বোৱাৰী, দুগৰাকী কণ্যা,জোঁৱাইসহ কেইবাটাও নাতি- নাতিনী ইহ- সংসাৰত এৰি থৈ গৈছে । গুৱাহাটীৰ পৰা মৃতদেহ আনি আজি ৰাতি কাকৰিকটাত সৎকাৰ কৰা হয় ।

      সৰবৰহী ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ মৃত্যুত সমগ্ৰ কাকৰিকটা অঞ্চলটো শোকত ম্ৰিয়মান হৈ পৰিছে । পঞ্চমী দাসৰ মৃত্যুত কাকৰিকটা গাঁও উন্নয়ন সমিতি, কাকৰিকটা যুৱক সংঘ, কাকৰিকটা মহিলা সমিতি , নামঘৰ পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।