মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত চেগুণবাৰী আৰু মাকুমপথাৰ সমল কেন্দ্ৰৰ সৌজন্যত আজি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি সাধু কোৱা প্ৰতিযোগিতা চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মুঠ ১৫খন বিদ্যালয়ৰ ৩০ গৰাকী প্ৰতিযোগীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে ১ নং আলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা বৰুৱা চেতিয়াই। প্ৰতিযোগিতাখনিত বিচাৰকৰ দায়িত্ব পালন কৰে ডিগবৈ সৌমাৰ বিদ্যাপীঠৰ বিষয় শিক্ষয়িত্ৰী জ্ঞানমণি তুংখুঙীয়া আৰু ডিগবৈ সমল কেন্দ্ৰৰ সমন্বয়ক গগণ নাহৰডেকাই। প্ৰাথমিক শিক্ষণত সাধুকথাৰ অপৰিসীম গুৰুত্ব আছে যদিও আধুনিকতাৰ ধামখুমীয়াত সাধু কোৱা আৰু শুনাৰ পৰম্পৰা নোহোৱা হোৱাৰ দৰেই হৈছেগৈ। গতিকে এইক্ষেত্ৰত এক সজাগতা আনিবৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে উদ্যোক্তাদ্বয় ক্ৰমে ৰঞ্জু তামাঙ বৰুৱা আৰু ছানিয়া বৰুৱাই। প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে চেগুণবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ৰিম্পী গগৈ আৰু তন্ময়ী গগৈয়ে। তৃতীয় স্থান অধিকাৰ কৰে ১ নং মাকুমপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ফাৰহানা আহমেদ আৰু ২নং লাজুম প্ৰাথমিক বিদ্যালয়ৰ ৰূপা ৰাজে। ইয়াৰোপৰি গৌতম তিয়াৰী, অমৃতা তিয়াৰী, নেহা তাইহু, জোনালী গুৱালা, দিব্যজ্যোতি শইকীয়া আৰু প্ৰণিতা কুমাৰী ছেত্ৰীক উদগনিমূলক বঁটা প্ৰদান কৰা হয়। চেগুণবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি দিহানামেৰে আৰম্ভ হোৱা বঁটা বিতৰণি সভাত অংশগ্ৰহণ কৰে তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া দীপক বৰগোঁহাই, মাৰ্ঘেৰিটাৰ বিশিষ্ট সাংবাদিক মানস প্ৰতিম গগৈ, প্ৰমুখ্যে ইভাৰাণী বৰুৱা, জ্যোতি টায়ে, অৰবিন্দ প্ৰসাদ ইত্যাদি শিক্ষকসকলে। কুমাৰপট্টি মণ্ডলৰ সমন্বয়ক তথা সুআবৃত্তিকাৰ জাহ্নৱী কোঁৱৰ বৰাৰ এটি আটকধুনীয়া আবৃত্তিৰে প্ৰতিযোগিতাখনি সামৰণি পৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক পাৰ্থ জ্যোতি বৰুৱাই। অন্যহাতে শিক্ষক-শিক্ষয়িত্ৰী মাজত সাধুকোৱা এক কৰ্মশালাও অনতিপলমে অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পেঙেৰিত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে মহিলা সহ আটক দুগৰাকীক
বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে মহিলা সহ আটক দুগৰাকী পেঙেৰি আৰক্ষীৰ।
शिक्रापूर येथील अपघातातील वाहने बाजूला घेण्यासाठी क्रेन घेऊन जाताना वाहतूक पोलीस मिलिंद देवरे...
शिक्रापूर येथील अपघातातील वाहने बाजूला घेण्यासाठी क्रेन घेऊन जाताना वाहतूक पोलीस मिलिंद देवरे...
Lok Sabha Election 2024: रथ यात्रा से पूरे देश में जाएगी BJP, गिनाएंगी मोदी सरकार के काम | PM Modi
Lok Sabha Election 2024: रथ यात्रा से पूरे देश में जाएगी BJP, गिनाएंगी मोदी सरकार के काम | PM Modi
76 हजार से ज्यादा गाड़ियों का June में हुआ Export, Virtus, Sunny, Verna हुईं Top-3 में शामिल
भारत में बनी (Made In India Cars Exports) कारों की मांग दुनिया के कई देशों में रहती है। June 2024...
গোলাঘাট আঠখেলিয়া নামঘৰ বিতৰ্কৰ সন্দৰ্ভত আবৰ্ত ভৱনৰ সমিপত মন্তব্য আজি মন্ত্ৰী অজন্তা নেওগৰ l সমগ্ৰ
গোলাঘাট আঠখেলিয়া নামঘৰ বিতৰ্কৰ সন্দৰ্ভত আবৰ্ত ভৱনৰ সমিপত মন্তব্য আজি মন্ত্ৰী অজন্তা নেওগৰ l সমগ্ৰ...