মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত চেগুণবাৰী আৰু মাকুমপথাৰ সমল কেন্দ্ৰৰ সৌজন্যত আজি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি সাধু কোৱা প্ৰতিযোগিতা চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মুঠ ১৫খন বিদ্যালয়ৰ ৩০ গৰাকী প্ৰতিযোগীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে ১ নং আলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা বৰুৱা চেতিয়াই। প্ৰতিযোগিতাখনিত বিচাৰকৰ দায়িত্ব পালন কৰে ডিগবৈ সৌমাৰ বিদ্যাপীঠৰ বিষয় শিক্ষয়িত্ৰী জ্ঞানমণি তুংখুঙীয়া আৰু ডিগবৈ সমল কেন্দ্ৰৰ সমন্বয়ক গগণ নাহৰডেকাই। প্ৰাথমিক শিক্ষণত সাধুকথাৰ অপৰিসীম গুৰুত্ব আছে যদিও আধুনিকতাৰ ধামখুমীয়াত সাধু কোৱা আৰু শুনাৰ পৰম্পৰা নোহোৱা হোৱাৰ দৰেই হৈছেগৈ। গতিকে এইক্ষেত্ৰত এক সজাগতা আনিবৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে উদ্যোক্তাদ্বয় ক্ৰমে ৰঞ্জু তামাঙ বৰুৱা আৰু ছানিয়া বৰুৱাই। প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে চেগুণবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ৰিম্পী গগৈ আৰু তন্ময়ী গগৈয়ে। তৃতীয় স্থান অধিকাৰ কৰে ১ নং মাকুমপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ফাৰহানা আহমেদ আৰু ২নং লাজুম প্ৰাথমিক বিদ্যালয়ৰ ৰূপা ৰাজে। ইয়াৰোপৰি গৌতম তিয়াৰী, অমৃতা তিয়াৰী, নেহা তাইহু, জোনালী গুৱালা, দিব্যজ্যোতি শইকীয়া আৰু প্ৰণিতা কুমাৰী ছেত্ৰীক উদগনিমূলক বঁটা প্ৰদান কৰা হয়। চেগুণবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি দিহানামেৰে আৰম্ভ হোৱা বঁটা বিতৰণি সভাত অংশগ্ৰহণ কৰে তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া দীপক বৰগোঁহাই, মাৰ্ঘেৰিটাৰ বিশিষ্ট সাংবাদিক মানস প্ৰতিম গগৈ, প্ৰমুখ্যে ইভাৰাণী বৰুৱা, জ্যোতি টায়ে, অৰবিন্দ প্ৰসাদ ইত্যাদি শিক্ষকসকলে। কুমাৰপট্টি মণ্ডলৰ সমন্বয়ক তথা সুআবৃত্তিকাৰ জাহ্নৱী কোঁৱৰ বৰাৰ এটি আটকধুনীয়া আবৃত্তিৰে প্ৰতিযোগিতাখনি সামৰণি পৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক পাৰ্থ জ্যোতি বৰুৱাই। অন্যহাতে শিক্ষক-শিক্ষয়িত্ৰী মাজত সাধুকোৱা এক কৰ্মশালাও অনতিপলমে অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
INDIA Alliance Meeting: Bihar में JDU ने 17 सीटों पर ठोका दावा, सुनें Nitish Kumar के मंत्री का बयान
INDIA Alliance Meeting: Bihar में JDU ने 17 सीटों पर ठोका दावा, सुनें Nitish Kumar के मंत्री का बयान
MyGov ऐप पर खेल सकेंगे राष्ट्रीय हित से जुड़े ऑनलाइन गेम, आईटी मंत्रालय ने पेश किया नया विकल्प, यहां जानें डिटेल
आईटी मंत्रालय ने ऐसा विकल्प पेश किया है जिसमें आप ऑनलाइन गेम खेल सकते हैं। ये गेम आपको माईजीओवी...
অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত মাজুলীৰ দক্ষিণপাট সত্ৰৰ জেষ্ঠ বৈষ্ণৱ সাগৰ বৰবায়নৰ দেহাৱসান
অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত মাজুলীৰ দক্ষিণপাট সত্ৰৰ জেষ্ঠ বৈষ্ণৱ সাগৰ বৰবায়নৰ দেহাৱসান ।
Bomb Threat: राहुल गांधी को बम से उड़ाने की धमकी, इंदौर में मिले खत से हड़कंप
देश के सबसे स्वच्छ शहर का लगातार 6 बार तमगा हासिल कर चुके इंदौर (Indore City) शहर से बड़ी...
নলবাৰী ৰাস মহোৎসৱত বলিউদৰ বিশিষ্ট কৌতুক অভিনেতা গোবৰ্ধন আছৰানি
৮৯ সংখ্যাক নলবাৰী ৰাস মহোৎসৱত মংগলবাৰে গধুলী আহি উপস্থিত হয় বলিউদৰ প্ৰখ্যাত জ্যেষ্ঠ কৌতুক অভিনেতা...