গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু ধনশিৰি মহকুমাৰ জাতীয় বিদ্যালয় সমূহৰ সহযোগত সাম্প্ৰতিক শিক্ষাৰ মাধ্যম সম্পৰ্কে চৰকাৰী পদক্ষেপ আৰু জাতীয় বিদ্যালয়ৰ স্থিতিক বিষয় বস্তু হিচাপে লৈ সৰুপথাৰ শ্বহীদ কুশল কোঁৱৰ জাতীয় বিদ্যালয় প্ৰাঙ্গনত শনিবাৰে এক নাগৰিক সভাৰ আয়োজন কৰে। ধনশিৰি মহকুমাৰ অন্তৰ্গত ১২খন জাতীয় বিদ্যালয়ে অংশ গ্ৰহণ কৰা এই নাগৰিক সভাত অসম চৰকাৰে ঘোষণা কৰা অসমৰ মাতৃভাষা মাধ্যমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটাত ইংৰাজী মাধ্যমত পাঠদান কৰোৱা আৰু সম্প্ৰতি প্ৰচলিত সমাজ বিজ্ঞান বিষয়টো আতৰ কৰিব খোজা সিদ্ধান্তৰ বিৰোধিতা কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে অসম জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক অসীম কৃষ্ণ বৰুৱাইয়ো নিজা ভাষণৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক উক্ত সিদ্ধান্তসমূহ বাতিল কৰিবলৈ আহবান জনায়। বিদ্যালয় পৰ্যায়ত মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰাটোৱেই সম্পূৰ্ণ শুদ্ধ আৰু বিজ্ঞানসন্মত পদ্ধতি বুলিয়েই জাতীয় বিদ্যালয়ে সদায় বিশ্বাস কৰি আহিছে। কাৰণ ইমানদিনে অসমীয়া মাধ্যমত পঢ়িয়েই অসমৰ ল'ৰা-ছোৱালীয়ে ৰাষ্ট্ৰ নিৰ্মাণ, দেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লগতে বিভিন্ন উচ্চপদস্থ বিষয়া তথা নাছাৰ নিচিনা মহাকাশ গৱেষণা পৰ্যন্ত কৰিবলৈ সক্ষম হৈছে। গতিকে অসম চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰি আগৰ শিক্ষা-নীতিকে বাহাল ৰাখিবলৈ অনুৰোধ আৰু দাবী জনায়। অৱশ্যে অসম চৰকাৰে সিদ্ধান্ত সলনি নকৰিলেও জাতীয় বিদ্যালয়ে সদায় নিজৰ স্থিতিতেই অটল থাকিব বুলিও স্পষ্ট মতামত প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ મ્યુનિસિપલ કોર્પોરેશન દ્વારા હેબતપુર ખાતે બનાવવામાં આવ્યું ઓક્સિજન પાર્ક
અમદાવાદ મ્યુનિસિપલ કોર્પોરેશન દ્વારા હેબતપુર ખાતે બનાવવામાં આવ્યું ઓક્સિજન પાર્ક
PM Modi to meet Boeing, Amazon and Google CEO's today
Prime Minister Narendra Modi will meet top business executives of Silicon Valley in the East Room...
2025 Aston Martin Vanquish की पहली झलक आई सामने, जल्द मारेगी एंट्री
कार का डिजाइन और पूरा बॉडी शेप एस्टन मार्टिन की सामान्य स्टाइल लैंग्वेज से अलग नहीं है और यह...
Women's Day पर Ola Electric दे रही जबरदस्त डिस्काउंट, 10 मार्च तक महिलाओं को मिलेगा ये स्पेशल ऑफर
Ola Electric ने Womens Day के खास मौके पर स्पेशल ऑफर पेश किया है। कंपनी S1 Air S1 X S1 X+ और S1...