চিচিবৰগাঁও মহাবিদ্যালয়ত অসম ৰাজ্যিক AIDS নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু চিচিবৰগাঁও মহাবিদ্যালয়ৰ NSS আৰু IQAC ৰ সহযোগত AIDS সজাগতা সভা

শম্ভু দাস, চিলাপথাৰ, ১০ ছেপ্তেম্বৰঃ চিচিবৰগাঁও অঞ্চলৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ত আজি অসম ৰাজ্যিক AIDS নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু চিচিবৰগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ৰাষ্ট্রীয় সেৱা আঁচনি গোটৰ সহযোগত এখন AIDS সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্য্যক্ৰম বিষয়া পুলিন গগৈয়ে আতৰধা অনুষ্ঠানত মহাবিদ্যালয়খনৰ অৰ্দ্ধশতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমলব্যক্তি হিচাপে উপস্থিত থাকে অসম AIDS নিয়ন্ত্ৰণ সমিতিৰ ধেমাজি জিলাৰ ক্ষেত্ৰ বিষয়া মনোজ বুঢ়াগোহাঁই আৰু ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰামৰ্শদাতা ৰশ্মি দলে গামে । তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি AIDS ৰ সংক্ৰমণ, ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা তথা AIDS ৰোগীৰ ক্ষেত্ৰত কৰণীয় কামৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে । সভাত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্নয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কোষেশ্বৰ বৰা, মহাবিদ্যালয়ৰ মহিলা কোষৰ সদস্যসকলৰ উপৰিও কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।