চিলাপথাৰৰ ডিমৌত খেমবাহাদুৰ ছেত্ৰীৰ স্মৃতিত গ্ৰন্থ উন্মোচন সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰঃ চিলাপথাৰ ডিমৌত প্ৰয়াত পঞ্চায়ত সভাপতি খেমবাহাদু ছেত্ৰীয়ে যোৱা ২৯ আগষ্টত লিভাৰজনীত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল । প্ৰয়াত খেমবাহাদু ছেত্ৰী আছিল  ডিমৌৰ নাহৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ  প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, অসম গোৰ্খা সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ কোষাধ্যক্ষ তথা ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি  । আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা  ডিমৌস্থিত বাসগৃহত সমবেত হৈ হাজাৰ হাজাৰ গুণমুগ্ধই  প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনায় । আদ্যশ্ৰাদ্ধৰ উপলক্ষে গোপাল ছেত্ৰীৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা "স্মৃতিৰ দাপোনেৰে" শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে সাংসদ প্ৰদান বৰুৱা আৰু  বিধায়ক ভুৱন পেগুৱে । খেমবাহাদুৰ ছেত্ৰীৰ পৰলোকপ্ৰাপ্তি বিজেপি দলৰ লগতে বৃহত্তৰ ডিমৌবাসী ৰাইজৰ বাবে বৃহৎ ক্ষতি বুলি সাংবাদিকৰ আগত মন্তব্য কৰি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।