জুৱাৰীৰ অতপালিত এতিয়া ত্ৰস্তমান মৰাণৰ সাধাৰণ ৰাইজ । প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ মুকলিকৈ হাউচি খেল খেলোৱাকলৈ সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰাৰ বাবেই এতিয়া জুৱাৰীৰ পৰা মৃত্যুৰ ভাবুকি পাইছে এজন ৱাৰ্ড সদস্যই । যাৰ বাবে ৱাৰ্ড সদস্য গৰাকীয়ে আৰক্ষীৰ কাষ চাপিব লগা হৈছে । খবৰ অনুসৰি মৰাণ আৰক্ষী থানা আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত অৱস্থিত বেজৰ চুক বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত দুখনকৈ স্কুলৰ সন্মুখতে মুকলিকৈ বহিছিল হাউচি খেল । খেলখনত বহু লোকে ভাগ লৈছিল । এই খবৰ লাভ কৰি মৰাণৰ সাংবাদিকৰ এটা দল উক্ত স্থানত গৈ উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে জোৱাৰী সকল । পিছ মুহূৰ্তত সেই স্থানত আৰক্ষী উপস্থিত হৈ মাইক চেটকে ধৰি বহু সামগ্ৰী জব্দ কৰে । এই সমগ্ৰ দৃশ্য সাংবাদিকে কেমেৰাত বন্দী কৰি সেই অঞ্চলৰ ৱাৰ্ড সদস্য দেৱজিৎ গগৈ (বাছা)ৰ পৰা এটা ভাষ্য সংগ্ৰহ কৰি বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে নিশালৈ দেৱজিৎ গগৈৰ বাসগৃহৰ সন্মুখত এদল উদণ্ড যুৱক আহি তেওঁক অশ্ৰাব্য গালি গালাজ দিয়াৰ লগতে মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়ে । উপায়ন্ত হৈ ৱাৰ্ড সদস্য দেৱজিৎ গগৈয়ে ভাবুকি তথা নিৰাপত্তাৰ সন্দৰ্ভত আজি মৰাণ আৰক্ষী থানাত এক আবেদন দাখিল কৰিছে । লগতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনাইছে । ইফালে এজন ৱাৰ্ড সদস্যক এদল উদণ্ড জুৱাৰী দলে দিয়া ভাবুকিক লৈ মৰাণত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বৰ্তমান জোৱাৰীৰ বিৰুদ্ধে মৰাণ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।