GOLAGHAT INJURED ELEPHANT
গোলাঘাটৰ নুমলীগড়ত এটা আঘাতপ্ৰাপ্ত হাতীৰ যন্ত্ৰণা । নাই বন বিভাগৰ কোনো খবৰ ।
এটা আঘাতপ্ৰাপ্ত হাতীয়ে যোৱা কিছুদিন ধৰি যন্ত্ৰনাত আৰ্তনাদ কৰি ফুৰিছে। যেনে তেনে বিচৰন কৰিছে হাতীটোৱে । প্ৰয়োজন চিকিৎসাৰ ।
বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ নিচেই সমীপৰ বগীঢলা অঞ্চলৰ দৃশ্য এইয়া । হাতীৰ বৃহৎ জাকৰ মাজত আছে এটা আঘাতপ্ৰাপ্ত হাতী । যিটো হাতীয়ে বৰ্তমান আৰ্তনাদ কৰি ফুৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে। ভালকৈ খোজ কাঢ়িব নোৱাৰা এই হাতীটোক চিকিৎসাৰ প্ৰয়োজন। বন বিভাগৰ লোকৰ প্ৰতি আমাৰ অনুৰোধ শীঘ্ৰেই চিকিৎসাৰ ব্যৱস্থা কৰক হাতীটোৰ । নহলে বিপদৰ আশংকা। উল্লেখ্য যে যন্ত্ৰনাৰ মাজত এই হাতীটোৱে জনাঞ্চলত বিচৰন কৰি ফুৰিছে। খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰা হাতীয়ে বিভিন্ন সময়ত সংঘাতৰ বলী হৈ আঘাতপ্ৰাপ্ত হৈছে।